আধাৰ কাৰ্ড আছেনে? যদি আছে লাভ কৰক ৩০ হাজাৰ টকা!…কেনেকৈ?

আধাৰ কাৰ্ড আছেনে? যদি আছে লাভ কৰক ৩০ হাজাৰ টকা!…কেনেকৈ?

author-image
asomiyapratidin
New Update
আধাৰ কাৰ্ড আছেনে? যদি আছে লাভ কৰক ৩০ হাজাৰ টকা!…কেনেকৈ?

ডিজিটেল ডেস্কঃ আপোনাৰ আধাৰ কাৰ্ড আছেনে? যদি আছে, আপোনাৰ বাবে আছে এটা ভাল খবৰ। আধাৰ কাৰ্ডৰ জৰিয়তে আপুনি ঘৰতে বহি লাভ কৰিব পাৰে ৩০ হাজাৰ টকা।

দৰাচলতে UIDAI য়ে আৰম্ভ কৰিছে এক প্ৰতিযোগিতা। যোৱা ১৮ জুনৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত কোনো লোকে যদি অংশ ল'ব বিচাৰে তেন্তে ২২ জুলাই হৈছে ইয়াৰ অন্তিম তাৰিখ। ৩১ আগষ্টৰ ভিতৰত UIDAI ৰ ৱেবচাইটত বিজেতাৰ নাম ঘোষণা কৰিব।

এতিয়া কথা হ'ল এই প্ৰতিযোগিতাৰ বাবে কি কৰিব লাগিব। এই প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগীয়ে আধাৰ কাৰ্ডৰ সৈতে জড়িত ১৫ সেৱাৰ যিকোনো এবিধ সেৱাৰ বিষয়ে ৩০ চেকেণ্ডৰ ৰ পৰা ২ মিনিটৰ এটা ভিডিঅ' নিৰ্মাণ কৰিব লাগিব। ইয়াৰ পিছতে ইউ টিউব অথবা গুগল ড্ৰাইভত আপলোড কৰিব লাগিব এই ভিডিঅ'। আপলোড কৰাৰ পাছত ইয়াৰ লিংক UIDAI ৰ ইমেল এড্ৰেছ media.division@uidai.net.in  ত পঠিয়াব লাগিব। লিংকৰ লগতে আধাৰ কাৰ্ডত থকা নাম, পৰিচয় আৰু মোবাইল নম্বৰো পঠিয়াব লাগিব। লগতে ইয়াকো স্পষ্ট কৰিব লাগিব যে বেংকৰ একাউন্টৰ সৈতে আধাৰ কাৰ্ডৰ সংযুক্ত কৰা হৈছেনে নাই।

প্ৰতিযোগিতাৰ বাবে সকলোবোৰ ভিডিঅ' ফুল এইচ ডি হোৱাৰ লগতে ইয়াৰ ফৰমেট MP4, HVI, FLV, WMV, MPEG অথবা MOV  হব লাগিব। 1920x1080px ৰ ভিডিঅক অধিক প্ৰাধান্য দিয়া হব। হিন্দী অথবা ইংৰাজী ভাষাত নিৰ্মাণ কৰিব লাগিব এই ভিডিঅ'। এই ভিডিঅ নিৰ্মান কৰাৰ সময়ত আধাৰ নম্বৰৰ ক্ষেত্ৰত গোপনীয়াতা বজাই ৰাখিবলৈ আহ্বান জনাইছে UIDAI য়ে।