২০২৪ ত মিউচুৱেল ফাণ্ড AUM ২৯ শতাংশ বৃদ্ধিৰে ৬৭.৮১ লাখ কোটিত উপনীত

২০২৪ চনৰ জানুৱাৰীৰ পৰা নৱেম্বৰ পৰ্যন্ত ভাৰতৰ open-ended মিউচুৱেল ফাণ্ডৰ এছেট আণ্ডাৰ মেনেজমেণ্ট (AUM) প্ৰায় ২৯ শতাংশ বৃদ্ধি হৈ ৫২.৪৪ লাখ কোটি টকাৰ পৰা ৬৭.৮১ লাখ কোটি টকাত উপনীত হৈছে।

author-image
Asomiya Pratidin
New Update
২০২৪ ত মিউচুৱেল ফাণ্ড AUM ২৯ শতাংশ বৃদ্ধিৰে ৬৭.৮১ লাখ কোটিত উপনীত

ডিজিটেল ডেস্কঃ ২০২৪ চনৰ জানুৱাৰীৰ পৰা নৱেম্বৰ পৰ্যন্ত ভাৰতৰ open-ended মিউচুৱেল ফাণ্ডৰ এছেট আণ্ডাৰ মেনেজমেণ্ট (AUM) প্ৰায় ২৯ শতাংশ বৃদ্ধি হৈ ৫২.৪৪ লাখ কোটি টকাৰ পৰা ৬৭.৮১ লাখ কোটি টকাত উপনীত হৈছে। ইয়াৰ ভিতৰত ইকুইটি মিউচুৱেল ফাণ্ডসমূহৰ বৃদ্ধি সৰ্বাধিক হোৱা দেখিবলৈ পোৱা গৈছে।

Advertisment

ইকুইটি মিউচুৱেল ফাণ্ডসমূহৰ AUM বছৰি ৩৫ শতাংশ বৃদ্ধি হৈ ২২.৫০ লাখ কোটি টকাৰ পৰা ৩০.৩৫ লাখ কোটি টকাত উপনীত হৈছে। ছেক্টৰেল আৰু থিমেটিক ফাণ্ডসমূহৰ AUM প্ৰায় ৭০ শতাংশ বৃদ্ধি হৈ ২.৭১ লাখ কোটি টকাৰ পৰা ৪.৬১ লাখ কোটি টকাত উপনীত হৈছে।

মাল্টি কেপ ফাণ্ডসমূহৰ AUM ৫১ শতাংশ বৃদ্ধি হৈছে। লাৰ্জ এণ্ড মিড কেপ ফাণ্ডৰ AUM ৩৮ শতাংশ বৃদ্ধি হৈ ১.৯৪ লাখ কোটি টকাৰ পৰা ২.৬৮ লাখ কোটি টকাত উপনীত হৈছে।

মিড কেপ আৰু স্মল কেপ ফাণ্ডৰ AUM যথাক্ৰমে ৩৪ শতাংশ আৰু ৩২ শতাংশ বৃদ্ধি হৈছে। হাইব্ৰিড মিউচুৱেল ফাণ্ডসমূহৰ AUM ২৭ শতাংশ বৃদ্ধি পাইছে। ইয়াত ৬.৯০ লাখ কোটি টকাৰ পৰা ৮.৭৭ লাখ কোটি টকাত উপনীত হৈছে। বিশেষকৈ মাল্টি এছেট এলোকেছন ফাণ্ডসমূহৰ AUM ৬৯ শতাংশ বৃদ্ধি পাইছে।

ডেবট মিউচুৱেল ফাণ্ডৰ AUM ২২ শতাংশ বৃদ্ধি পাইছে। ইয়াত লং ডিউৰেছন ফাণ্ডসমূহৰ AUM ৭৬ শতাংশ বৃদ্ধি পাইছে। একে সময়তে মানি মাৰ্কেট ফাণ্ডৰ AUM ৬৪ শতাংশ বৃদ্ধি পাইছে।

ক্ৰেডিট ৰিস্ক ফাণ্ডৰ AUM ১১ শতাংশ হ্ৰাস পাইছে। ইয়াৰোপৰি বেংকিং আৰু পি এছ ইউ ফাণ্ডৰ AUM ২ শতাংশ হ্ৰাস পাইছে। 

 

mutualfund