/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/puwar-10-Khobor.jpg)
১. অযোধ্যা ৰাম মন্দিৰ ট্ৰাষ্টৰ প্ৰথমখন বৈঠক বুধবাৰে অনুষ্ঠিত হ'ব। দিল্লীত বুধবাৰে বিয়লিৰ ভাগত এই বৈঠক অনুষ্ঠিত হ'ব।
২. বুধবাৰে কামৰূপ মহানগৰ জিলাত তাপমাত্ৰা ২৭ ডিগ্ৰী ছেলচিয়াছ। ৮ কিলোমিটাৰ প্ৰতিঘন্টা গতিত বতাহ বলাৰ লগতে ৬৯ শতাংশ আদ্ৰতা থকাৰ সম্ভাৱনা প্ৰকাশ বতৰ বিজ্ঞান কেন্দ্ৰৰ।
৩. গুৱাহাটীত বুধবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭৪.১০ টকা। ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৭.৬৫ টকা।
৪. তামিলনাডুত বৃহস্পতিবাৰে বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতে কা, এন আৰ চি আৰু এন পি আৰৰ বিৰুদ্ধে প্ৰতিবাদ। তামিলনাডু সচিবালয়ৰ দিশে ৰাওনা হৈছে কেবাহাজাৰ প্ৰতিবাদকাৰী।
৫. বৃহস্পতিবাৰে অৰুণাচললৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ৩৪ সংখ্যক ষ্টেট হুড ডে'ত অংশগ্ৰহণ কৰিব।
৬. অৰুণাচলৰ নামচাইট সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। নিহত হৈছে ৬জনকৈ লোক।
৭. জম্মু–কাশ্মীৰৰ পুলৱামাৰ ত্ৰালত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে ৩ সন্ত্ৰাসবাদী।
৮. ভাৰতত প্ৰথমবাৰৰ বাবে ৮৭ কিলোৰ শাখাত সুনীল কুমাৰে লাভ কৰিবলৈ সক্ষম হৈছে এছিয়ান ৰেষ্টলিং চেম্পিয়নশ্বিপৰ গ্ৰেক' ৰোমানৰ স্বৰ্ণ পদক। তেওঁৰ পূৰ্বে পাপ্পু যাদৱে ৪৮ কিলোৰ শাখাত ১৯৯৩ চনত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল।
৯. বুধবাৰে গুৱাহাটীত উপস্থিত হ'বহি ভাৰতবৰ্ষৰ গণ আন্দোলনৰ নেত্ৰী মেধা পাটকাৰ আৰু সন্দীপ পাণ্ডে। কেবাটাও কাৰ্যসূচীত অংশ ল'ব দুয়ো সংগ্ৰামীয়ে।
১০. বুধবাৰে আলি আয়ে লৃগাং৷ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাংক লৈ আনন্দমুখৰ পৰিৱেশ৷