চৰম দুৰ্নীতিত অভিযোগ উত্থাপন হৈছে মঙলদৈ মহকুমা কল্যান বিষয়াৰ কাৰ্য্যালয়ৰ…

চৰম দুৰ্নীতিত অভিযোগ উত্থাপন হৈছে মঙলদৈ মহকুমা কল্যান বিষয়াৰ কাৰ্য্যালয়ৰ…

author-image
asomiyapratidin
New Update
চৰম দুৰ্নীতিত অভিযোগ উত্থাপন হৈছে মঙলদৈ মহকুমা কল্যান বিষয়াৰ কাৰ্য্যালয়ৰ…

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ মহকুমা কল্যান বিষয়াৰ কাৰ্য্যালয় চৰম দুৰ্নীতিত পোঁত গৈছে । হিতাধিকাৰীৰ নামত অহা সমগ্ৰীও হৰলুকী হয় এই কাৰ্য্যালয়ৰ ভিতৰতে ।বুধবাৰে দুৰ্নীতিৰ বিষয়ে কায্যলয়ত সুধিব যাওঁতেই সাংবাদিক কৰিলে দুব্যৱহাৰ।

Advertisment

অকল দু-ব্যৱহাৰ কৰাই নহয় গতিয়াই বাহিৰ কৰি দিলে সাংবাদিকক।মঙলদৈস্থ দুই সাংবাদিক ক্ৰমে লোকেশ্বৰ বৰুৱা আৰু ভবেশ কলিতা বাতৰি সংগ্ৰহৰ বাবে গৈছিল মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়লৈ। লগতে দুয়ো জন সাংবাদিকৰ মোবাইল কাঢ়ি পেলাই দিলে।
উল্লেখযোগ্য যে, অনুসূচিত জাতিৰ লোক সকলৰ নামত আহিছিল টিন, চিলাই মেচিন, খোৱা পানী ফিল্টাৰ, মোবাইল টেবলেট, কৃষি জাত সমগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰী। কিন্তু এইসমূহ সামগ্ৰী বিলোৱাৰ ক্ষেত্ৰত যথেষ্ট খেলি মেলি সৃষ্টি কৰিছে বিভাগীয় কৰ্মচাৰী সকলে।

বিশেষকৈ প্ৰতিজন হিতাধিকাৰীৰ নামত ১৮ খন কৈ টিন অবন্টন হৈছে যদিও দুখনকৈ কমাই ১৬ খনকৈ হিতাধিকাৰীৰ মাজত বিলাই আছিল । সাংবাদিকে কিয় দুখনকৈ কমাই দিছে সুধিব যাওতেই খড়্গহস্ত হয় দুই গৰাকী কৰ্মচাৰী ।পিছত ঈশান নিউজৰ সাংবাদিক লোকেশ্বৰ বৰুৱা আৰু পি আই নিউজৰ সাংবাদিক ভবেশ কলিতাই দুই কৰ্মচাৰী ক্ৰমে বীৰেন্দ্ৰ চহৰীয়া আৰু দীপক চহৰীয়া ৰ বিৰুদ্ধে মঙলদৈ থানা ত এখন এজাহাৰ দাখিল কৰে ।এতিয়া দুই গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যবস্থা লয় সেইয়া লক্ষণীয় হ'ব।