সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত মৈৰাবাৰী আঞ্চলিক জেষ্ঠ নাগৰিক মঞ্চৰ সংবাদ মেল…

সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত মৈৰাবাৰী আঞ্চলিক জেষ্ঠ নাগৰিক মঞ্চৰ সংবাদ মেল…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল ডেস্ক, মৈৰাবাৰী : শুকুৰবাৰে মৰিগাঁও জিলাৰ মৈৰাবাৰী জেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত মৈৰাবাৰী পাব্লিক লাইব্ৰেৰীত এখনি সংবাদ মেল সম্বোধন কৰা হয়। সংবাদমেলত কেইবাটাও দাবী উত্থাপন কৰা হয়। প্ৰশাসনে কঠোৰ পদক্ষেপ লোৱাৰ পিছতো একাংশ যুৱচামে এতিয়ালৈকে বৃহত্তৰ মৈৰাবাৰী অঞ্চলত সংগোপনে নিষিদ্ধ ড্ৰাগছ, নিচাযুক্ত দ্ৰব্য সেৱন অথবা ব্যৱসায় কৰি থকাৰ বাতৰি প্ৰকাশত মৈৰাবাৰী আঞ্চলিক জেষ্ঠ নাগৰিক মঞ্চই গভীৰ উদ্বেগ প্ৰকাশ কৰে।

Advertisment

এনে কাৰ্যৰ লগত জড়িত যুৱকসকলক প্ৰশাসনে চিনাক্ত কৰি কাউঞ্চেলিঙৰ জৰিয়তে সুপথলৈ ঘূৰাই আনিবলৈ আহ্বান জনায়। উল্লেখ্য যে কেইদিনমান পূৰ্বে ৰাইজৰ অলক্ষিতে ব্ৰহ্মপুত্ৰৰ চৰত কেইজনমান যুৱকে অসৎ উদ্দেশ্য সাধনাৰ্থে অশ্লীল ভিডিঅ নিৰ্মাণ কৰাৰ কথা পোহৰলৈ অহাত অঞ্চলবাসীৰ লগতে মৈৰাবাৰী আঞ্চলিক জেষ্ঠ নাগৰিক মঞ্চই গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে এনে অপকৰ্মৰ বিৰুদ্ধে সজাগ আৰু সচেতন হ'বলৈ সকলোকে আহ্বান জনায়।

উক্ত ঘটনাটো পোহৰলৈ অনাৰ বাবে গ্ৰেপ্তাৰ হোৱা সাংবাদিক দুগৰাকীয়ে ন্যায় বিচাৰ পোৱাটোও জ্যেষ্ঠ নাগৰিক মঞ্চই কামনা কৰে বুলি জানিবলৈ দিয়ে। সাম্প্ৰতিক সময়ত বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ধৰ্মীয় শিক্ষানুষ্ঠানত 'জেহাদী' কাৰ্য-কলাপ চলা সন্দৰ্ভতো মৈৰাবাৰী আঞ্চলিক জেষ্ঠ নাগৰিক মঞ্চই গভীৰ উদ্বেগ প্ৰকাশ কৰে। লগতে প্ৰসংগক্ৰমে উল্লেখ কৰে যে 'বহুচৰ্চিত মুফ্তি মহম্মদ মুস্তফা এজন ব্যক্তিহে, তেওঁ এটা অনুষ্ঠান বা জাতি নহয়, তেওঁৰ কৰ্মৰ ফল তেওঁ নিশ্চয় ভোগ কৰিব।'

assam moirabari himanta biswa sarma bjp Assam police