/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/sad_farmer_2952434_835x547-m.jpg)
ডিজিটেল ডেস্কঃ হিন্দী বলয়ৰ তিনি ৰাজ্য ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত বিজেপিয়ে মুখ থেকেছা খোৱাৰ পিছত আগন্তক লোকসভা নিৰ্বাচনৰ বাবে চিন্তিত হৈ পৰিছে মোদী-শ্বাহ নেতৃত্বাধীন বিজেপি। বিগত চাৰে চাৰি বছৰে কৰা কাম-কাজে দেশৰ জনতাক আস্বস্ত কৰিব পৰা নাই বুলি এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুজিব পাৰি ২০১৯ৰ লোকসভা নিৰ্বাচনৰ বাবে নতুন ৰণ কৌশল অৱলম্বন কৰিবলৈ বাধ্য হৈ পৰিছে।
যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰ শাসিত বিজেপিয়ে দেশৰ ২৬.৩ কোটি দৰিদ্ৰ কৃষকৰ ৪ লাখ কোটি ঋণ ৰেহাই দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে, মধ্যপ্ৰদেশ, পঞ্জাৱ আদি ৰাজ্যৰ কৃষকে তেওঁলোকৰ অধিকাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ লগতে বহু কৃষকে ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিন্তু তেনে পৰিস্থিতিতো কৃষকৰ মূৰৰ বোজা আতৰাবৰ বাবে মোদীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল।
সদ্য ঘোষিত তিনি হিন্দী বলয়ৰ ৰাজ্যত বিজেপিৰ শোচনীয় পৰাজয়ৰ পিছত দেশত পুনৰ মোদী জোৱাৰ তোলাৰ চেষ্টাৰে মোদীয়ে কৃষি ঋণ মাফ কৰি কৃষকৰ আস্থা আদায় কৰিব বিচাৰিছে বুলি চৰ্চা চলিছে। আনহাতে এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, ৰিজাৰ্ভ বেংকত জমা থকা ৯.৫ লাখ কোটিৰ ঘৰৰ পৰাই চৰকাৰে কৃষকৰ ঋণ ৰেহাই দিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us