/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/mikir-bamuni.jpg)
ডিজিটেল সংবাদ,চামগুৰি: নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষিভূমিৰ পৰা কৃষকক চৰকাৰ-প্ৰশাসনে বীৰত্ব প্ৰদৰ্শন কৰি উচ্ছেদ কৰি পাৱাৰ প্লান্ট প্ৰজেক্ট স্থাপন কৰা কাৰ্যৰ বিৰোধিতাৰে ২৬ জানুৱাৰী পৰা আৰম্ভ হৈছিল কৃষক বিক্ষোভ ।
উল্লেখযোগ্য যে,অসম চৰকাৰৰ অনুমোদন সাপেক্ষে এ পি ডি চি এলৰ জৰিয়তে "আজুৰ"কোম্পানীয়ে বঢ়মপুৰৰ হায়ংথলৰ মিকিৰ-বামুনী গ্ৰান্টত সৌৰশক্তিৰে বিদ্যুৎ বিতৰণৰ এক ব্যয়বহুল প্ৰকল্পৰ নিৰ্মাণৰ কাম পূৰ্ণোদ্যমে চলাই আহিছে ।মিকিৰ-বামুনী গ্ৰান্টৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষক সকলক বলপূৰ্বকভাৱে উচ্ছেদ কৰি মাটি বহিৰাগত বণিক গোষ্ঠীক গটাই দিয়াৰ প্ৰতিবাদত গণৰাজ্য দিৱসৰ দিনাৰে পৰা বঢ়মপুৰ বামুনীৰ মিকিৰ-বামুনী গ্ৰান্টত আৰম্ভ হোৱা কৃষক বিক্ষোভে আজি ১৫ দিনত ভৰি দিলে।
কিন্তু এইসকল দুৰ্ভগীয়া কৃষকৰ কাষত আজি পৰ্যন্ত উপস্থিত নহ'ল চৰকাৰ-প্ৰশাসনৰ কোনো লোক ।নিজৰ মাটিৰ ৰায়তী খতিয়ান ঘূৰাই দিয়াৰ দাবীত কোলাত কণ কণ শিশু লৈ মহিলাৰ পৰা বৃদ্ধ লৈকে অংশগ্ৰহণ কৰিছে এই কৃষক বিক্ষোভত। কিন্তু জাতি-মাটি ভেটি ৰক্ষাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোটঁ চৰকাৰৰ আজি পৰ্যন্ত সময় নহ'ল এই সকল দুৰ্ভগীয়া কৃষকৰ খবৰ ল'বলৈ।
উল্লেখ্য যে, প্ৰতিবাদস্থলীত নিশা শীতৰ প্ৰকোপ বৃদ্ধি হোৱাত শিশু সহ কেইবাগৰাকীও মহিলা অসুস্থ হৈ পৰিছে। আনহাতে পাহাৰৰ দাঁতিকাষৰীয়া হোৱাৰ বাবে বন্যহস্তীৰ কবলত পৰিব লগা হৈছে এই সকল প্ৰতিবাদী কৃষক ৰাইজ।অভিভাৱক হীন হৈ পৰা এই সকল কৃষকে স্হানিয় বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ ওপৰত ক্ষোভিত হৈ আগন্তুক নিৰ্বাচনত এশেকা দিবলৈ সাজু বুলি সংবাদ মাধ্যমক জনায়।
বিধায়ক মহন্তই নিজ সমষ্টিৰ কৃষক ৰাইজৰ ওচৰত আহিবলৈ আহৰি নোপোৱাত অসন্তুষ্ট হৈ পৰিছে কৃষক সকল ।শেহতীয়াকৈ এই সকল কৃষকৰ কাষত বহু কেইটা দল -সংগঠনৰ প্ৰতিনিধিৰ লগতে স্থানীয় কংগ্ৰেছ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুৰেশ বৰা উপস্থিত হৈ এজনো কৃষকৰ কৃষি ভূমি বহিৰাগত কোম্পানীক গতাই দিয়া নহব বুলি হুংকাৰ দিয়ে লগতে চৰকাৰ আহ্বান জনায় যে কৃষক সকলৰ লগত আলোচনা কৰি সমস্যাৰ সমাধান কৰে ।উল্লেখ যে কংগ্ৰেছ নেতা গৰাকীয়ে বিক্ষোভ স্হলিত অসুস্থ হৈ পৰা কৃষক সকলৰ চিকিৎসাৰ বাবে তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে ।