/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/silsar.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই সেনা আৰু আৰক্ষীয়ে কাছাৰত বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰে৷অসম মেঘালয় সীমান্তৰ মালিডহৰ এলেকাৰ পৰা জব্দ কৰা হৈছে বিস্ফোৰক সামগ্ৰীখিনি। মেঘালয়ৰ পৰা অসমত প্ৰবেশৰ সময়ত এম এল ০৫ এন ৫৩৭২ নম্বৰৰ ওয়াগনআৰ গাড়ী খনৰ পৰা সামগ্ৰী খিনি জব্দ কৰা হৈছে৷
গাড়ী খনৰ পৰা ৬০০ ডাল ডিটনেটৰ আৰু ৫৪২ ডাল জিলেটিন ষ্টিক জব্দ কৰা হয়৷ বিস্ফোৰক সামগ্ৰীৰ সৈতে বিচন পালছেইন আৰু উয়েলকাম লিংডো নামৰ দুজন ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে৷ ধৃত ব্যক্তি দ্বয়ৰ ঘৰ মেঘালয়ত বুলি আৰক্ষীয়ে সদৰী কৰিছে। ধৃত লোক দুজনৰ পৰা নগদ ১১,৫০০ টকাও জব্দ কৰে আৰক্ষীয়ে৷
বিস্ফোৰক সামগ্ৰী খিনিৰ মুল্য প্ৰায় ১২ লাখ টকা হব বুলি অনুমান কৰা হৈছে। কি উদ্দেশ্যে মেঘালয়ৰ পৰা বিস্ফোৰক সামগ্ৰী খিনি কাছাৰলৈ অনা হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও পাহাৰৰ শিল ভঙা কামৰ বাবে অনাৰ সন্দেহ কৰা হৈছে৷ বৰ্তমান ধৃত লোক দুজনক কাটিগৰা থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷