/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/10/maruti-offer.jpg)
ডিজিটেল ডেস্কঃ দেশৰ সৰ্ববৃহৎ কোম্পানী মাৰুতি চুজুকি ইণ্ডিয়াই চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আগবঢ়াছে এক বিশেষ অফাৰ।চৰকাৰী কৰ্মচাৰীসকলে উৎসৱৰ এই ঋতুত বিভিন্ন মডেলৰ গাড়ী ক্ৰয় কৰি ১১.০০০ টকা পৰ্যন্ত সুবিধা লাভ কৰিব পাৰিব। কোম্পানীটোৱে প্ৰকাশ কৰিছে, ৰাজহুৱা খণ্ডৰ উদ্যোগ, আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীসহ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভাগৰ কৰ্মচাৰী সকলে মাৰুতি চুজুকিৰ নতুন বাহন ক্ৰয়ৰ বাবে এই অফাৰ লাভ কৰিব। এই অফাৰৰ জৰিয়তে ভিন্ন মডেলৰ গা়ড়ীত বিভিন্ন ৰেহাই দিয়া হ'ব।
মাৰুটি চুজুকিৰ কাৰ্যবাহী নিৰ্দেশক শশাঙ্ক শ্ৰীবাস্তৱে এইবিষয়ে কয় যে, চৰকাৰে কোভিড-১৯ মহামাৰীৰ সময়ত উপভোক্তাৰ ব্যয় বৃদ্ধিৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ লগতে দেশৰ অৰ্থব্যৱস্থাৰ প্ৰতি তেওঁলোকৰো কৰণীয় আছে বুলি মন্তব্য কৰে।
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত চৰকাৰী কৰ্মচাৰীৰ সংখ্যা এক কোটিৰো অধিক। মাৰুতি চুজুকিৰ বাবে চৰকাৰী কৰ্মচাৰী সকল গ্ৰাহকৰ সৰ্ববৃহৎ অংশ এটা। শ্ৰী বাস্তৱে কয় যে,ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই কোম্পানীটোৱে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই বিশেষ পেকেজ ঘোষণা কৰিছোঁ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us