ভাল খবৰঃ ঘৰলৈ যদিহে নতুন বাহন অনাৰ পৰিকল্পনা কৰিছে…

ভাল খবৰঃ ঘৰলৈ যদিহে নতুন বাহন অনাৰ পৰিকল্পনা কৰিছে…

author-image
asomiyapratidin
New Update
ভাল খবৰঃ ঘৰলৈ যদিহে নতুন বাহন অনাৰ পৰিকল্পনা কৰিছে…

ডিজিটেল ডেস্কঃ পূজাৰ বতৰত ঘৰলৈ এখন নতুন বাহন অনাৰ পৰিকল্পনা কৰি আছে নেকি! যদি এনে কোনো পৰিকল্পনা আছে তেন্তে নিশ্চিতভাৱে আপোনাৰ বাবে আছে এটা ভাল খবৰ। দেশৰ সবাতোকৈ বৃহৎ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান মাৰুতি-ছুজুকীয়ে শেহতীয়াকৈ কৰিছে এটা ঘোষণা। প্ৰতিষ্ঠানটোৱে ঘোষণাত কৈছে যে, মাৰুতি-ছুজুকীৰ বাহন সমূহত প্ৰদান কৰা হব ৫ হাজাৰ টকাৰ লৈকে ৰেহাই। ২৫ ছেপ্তেম্বৰৰ পৰা প্ৰযোজ্য হৈছে এই নতুন অফাৰ।

Advertisment

কি কি মডেলৰ গাড়ীত থাকিব এই অফাৰঃ

মাৰুতিয়ে সকলো মডেলৰ বাহনতে এই অফাৰ ঘোষাণা কৰা নাই। ৫০০০ টকাৰ লৈকে ৰেহাই ঘোষণা কৰা বাহন কেইকন হৈছে মাৰুতি এল্ট ৮০০, এল্ট কে১০, ছুইফট(ডিজেল), ছেলেৰিঅ, বলেনো(ডিজেল), ইঙ্গিজ, ডিজায়ৰ(ডিজেল, বিটাৰা ব্ৰীজা আৰু এছ ক্ৰজ। ইফালে ৫ হাজাৰ টকাৰ ৰেহাইৰ কৰ্পৰেট টেক্সৰ ক্ষেত্ৰতো বিশেষ ৰেহাই দিয়াৰ বাবে প্ৰতিষ্ঠানটোৱে কৰিছে এই অফাৰৰ ঘোষণা।