নতুন বছৰত গাড়ী ক্ৰয় কৰিবলৈ চিন্তা কৰা সকলৰ বাবে দুঃখবৰ

নতুন বছৰত গাড়ী ক্ৰয় কৰিবলৈ চিন্তা কৰা সকলৰ বাবে দুঃখবৰ

author-image
asomiyapratidin
New Update
নতুন বছৰত গাড়ী ক্ৰয় কৰিবলৈ চিন্তা কৰা সকলৰ বাবে দুঃখবৰ

ডিজিটেল ডেস্কঃ ২০১৯ লৈ মাজত আৰু কেইটামান দিন বাকী। হয়তো নতুন বছৰটোত আপুনিও পৰিকল্পনা কৰিছে এখন চাৰিচকীয়া ক্ৰয় কৰাৰ। কিন্তু গাড়ী কিনিবলৈ যোৱাৰ আগতেই জনাই দিওঁ যে, ২০১৯ত বৃদ্ধি পাব পাৰে মাৰুতী-ছুজুকী কোম্পানীৰ বাহন।

বুধবাৰে কোম্পানীটোৱে ঘোষণা কৰে এই কথা। কিন্তু বৰ্তমানলৈ জানিবলৈ পোৱা হোৱা নাই যে কোম্পানীটোৰ বাহনৰ দাম কিমান বৃদ্ধি কৰিব। জানিব পৰা মতে, বিদেশী মুদ্ৰাৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য হ্ৰাস পোৱাৰ বাবে কোম্পানীটোৰ ওপৰত পৰিছে প্ৰভাৱ।সেয়েহে অহা বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বৃদ্ধি পাব কোম্পানীটোৰ বাহনৰ দাম।

মাৰুতী-ছুজুকী ইণ্ডিয়াই শ্বেয়াৰ মাৰ্কেটক জনায় যে- 'গাড়ী এখন নিৰ্মাণৰ বাবে ব্যৱহাৰ হোৱা সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি পাইছে। তাৰোপৰি বিদেশী মুদ্ৰাৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্যও হ্ৰাস পাইছে।' সেয়েহে গ্ৰাহকে হয়তো ২০১৯ত এই কোম্পানীটোৰ গাড়ী ক্ৰয়ৰ ক্ষেত্ৰত ভৰিব লাগিব কিছু অধিক ধন।

বৰ্তমান মাৰুতী-ছুজুকীয়ে এল্ট' ৮০০ৰ পৰা আৰম্ভ কৰি প্ৰিমিয়াম ক্ৰছ অ'বাৰ এক্স-ক্ৰছলৈ বিক্ৰী কৰি আছে। যাৰ মূল্য ২.৫৩ লাখৰ পৰা ১১.৪৫ টকা। উল্লেখ্য যে, বাহন নিৰ্মাণ কোম্পানী টয়টা কিৰ্লোস্কাৰ মটৰেও নবেম্বৰত জনাইছিল যে, ২০১৯ত বৃদ্ধি পাব পাৰে কোম্পানীটোৰ বহু কেইটা মডেলৰ বাহনৰ দাম।