/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/maruti-suzuki-alto-800.jpg)
ডিজিটেল ডেস্কঃ অচিৰেই বন্ধ হোৱাৰ সম্ভাৱনা আছে মাৰুতি ছুজুকি ইণ্ডিয়াৰ জনপ্ৰিয় অল্ট' ৮০০ৰ নিৰ্মাণ। এটা সূত্ৰত প্ৰকাশ পোৱা অনুসৰি এই গাড়ীখন বন্ধ কৰাৰ মূলতে আছে দুটা কাৰণ।
মাৰুতি অল্ট' ৮০০ৰ ইঞ্জিনক ছুপ্ৰিম কৰ্টৰ দ্বাৰা নিৰ্দেশিত নতুন ইন্ধন নিৰ্গমণ নীতি অনুসৰি উন্নীত কৰা সম্ভৱ নহয়। লগতে গাড়ীখনৰ বডিটোও দুৰ্ঘটনা পৰীক্ষাৰ বাবে যোগ্য নোহোৱাত সম্ভৱত: বন্ধ হ'ব এই জনপ্ৰিয় গাড়ীখনৰ নিৰ্মাণ ।
অহা ২০১৯ৰ দ্বিতীয় ভাগত অথবা তৃতীয়টো ত্ৰিমাসিক হিচাপৰ সময়চোৱাত বন্ধ হ'ব পাৰে অল্ট' ৮০০ৰ নিৰ্মাণ। উল্লেখ্য যে, অহা ২০১ ৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ'বলগীয়া দুৰ্ঘটনা পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰাকৈ প্ৰতিষ্ঠানটোৱে ইয়াৰ আটাইবোৰ গাড়ী মডেল উন্নীত কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে অল্ট' ৮০০ৰ নিৰ্মাণ বন্ধ কৰাক লৈ এতিয়ালৈ কোনো তথ্য প্ৰকাশ কৰা নাই মাৰুতি ছুজুকি ইণ্ডিয়াই।