ডুবাইত কৰ্মৰত চকীদাৰ মাৰ্কোজ ৰাতিটোতে হ’ল কোটিপতি, কেনেকৈ?

ডুবাইত কৰ্মৰত চকীদাৰ মাৰ্কোজ ৰাতিটোতে হ’ল কোটিপতি, কেনেকৈ?

author-image
asomiyapratidin
New Update
ডুবাইত কৰ্মৰত চকীদাৰ মাৰ্কোজ ৰাতিটোতে হ’ল কোটিপতি, কেনেকৈ?

ডিজিটেল ডেস্কঃ কেতিয়াবা আপুনি লটাৰী জিকি পাইছেনে? যদি পাইছে কি জিকিছে, গাড়ী, টিভি নে ৱাশ্বি মেছিন? কিন্তু লটাৰীত যদি আপুনি ২০ কোটি টকা জিকি যায়? তাকো আপুনি আশা নকৰাকৈয়ে। তেন্তে আপোনাৰ কেনে লাগিব?

এগৰাকী ভাৰতীয় সাধাৰণ নাগাৰিকে সংযুক্ত আৰৱত ২০ কোটি টকা নগদ ধন জিকি আনন্দত উদবাউল হৈ পৰিছে। আৰৱৰ ৰাজধানী আবু ধাবীত এজন সাধাৰণ চকীদাৰ হিচাপে কৰ্মৰত বিট্ৰী মাৰ্কোজ নামৰ ভাৰতীয় নাগৰিকজনে এখন স্থানীয় লটাৰীত ১০ মিলিয়ন দিনাৰ অৰ্থাৎ প্ৰায় ২০ কোটি ভাৰতীয় টকা লাভ কৰে।

ইয়াৰ পিছতে আনন্দত আত্মহাৰা হৈ পৰে মাৰ্কোজ। তেওঁ নিজৰ আনন্দ সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰি কয় যে তেওঁ এজন বন্ধুৰ তাগিদাত সেই লটাৰীৰ টিকত ক্ৰয় কৰিছিল। তেওঁ সেই লটাৰীৰ কথা পাহৰিয়েই গৈছিল, কিন্তু হঠাৎ তেওঁলৈ এটা ফোন আহে আৰু তাৰ পিছতে তেওঁ সেই ধন লাভ কৰাৰ বিষয়ে জানিব পাৰে।

উল্লেখ্য যে, কেৰালাৰ বাসিন্দা মাৰ্কোজে ২০০৪ চনতে কৰ্মৰ সন্ধানত ডুবাইলৈ গৈছিল। তাত ভিন্ন সংস্থাত কাম কৰিছিল অশিক্ষিত মাৰ্কোজে। আনহাতে একেবাৰে দৰিদ্ৰ পৰিয়ালৰ মাৰ্কোজে কিছুদিন পূৰ্বে মাতৃৰ চিকিৎসাৰ বাবে বাবে বহু টকা ধাৰ কৰিবলগীয়া হৈছিল বুলিও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

আনহাতে লটাৰীত এই বৃহৎ পৰিমাণৰ ধন লাভ কৰাৰ পিছতে মাৰ্কোজে প্রথমে ঋণসমূহ পৰিশোধ কৰিব বুলি কয়। তাৰ পিছতে এটা ঘৰ কিনি ভাৰততে ব্যৱসায় আৰম্ভ কৰাৰ ইচ্ছা প্ৰকাশ কৰে কোটিপতি মাৰ্কোজে।