২০ ফেব্ৰুৱাৰী ভিতৰত আৰম্ভ হ’ব মাজুলী -যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য্য…

২০ ফেব্ৰুৱাৰী ভিতৰত আৰম্ভ হ’ব মাজুলী -যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য্য…

author-image
asomiyapratidin
New Update
২০ ফেব্ৰুৱাৰী ভিতৰত আৰম্ভ হ’ব মাজুলী -যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য্য…

ডিজিটেল সংবাদ,মাজুলীঃ মই মিচলীয়া নহয়। মই আপোনালোকৰ আৰ্শীবাদত যেনেদৰে আপোনালোকৰ আশা প্ৰত্যাশা লৈ প্ৰতিস্তুতি প্ৰদাণ কৰো সেই প্ৰতিস্তুতি সকলো সময়তে ৰূপায়ণ কৰিবলৈ বদ্ধ্য পৰিকৰ। মাজুলীৰ দৰিয়া পাৰস্থিত মাজুলী মহাবিদ্যালয়ৰ এক বিশাল জন-সভাত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে কয়।

Advertisment

মাজুলীৰ বহু প্ৰত্যাসিত মাজুলী যোৰহাট সংযোগী দলঙৰ প্ৰথম পৰ্য্যায়ৰ চাৰিটা ডাঙৰ ডাঙৰ কোম্পানীক কাৰিকৰী নিবিদা কাম ইতিম্যধে সম্পন্ন হৈছে আৰু তিনিদিনৰ পিছত বিত্তীয় নিবিদা দিশ সমূহ চালি জাৰি চাই কোনো এক নিৰ্মাণ প্ৰতিস্থানক দলং নিৰ্মাণৰ বাবে চূড়ান্ত দায়িত্ব প্ৰদাণ কৰা হ'ব। নিশ্চিত ভাবে অহা ২০ ফেব্ৰুৱাৰী ভিতৰত মাজুলী যোৰহাট সংযোগী দলংৰ কাম আৰম্ভ হোৱা সম্ভাৱনা আছে। ইতিমধ্যে মাজুলী আৰু যোৰহাট দুয়োখন জিলাৰ জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক দলং নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা দুয়ো পাৰৰ ভূমিৰ জৰীপ সম্পন্ন কৰি দিয়া বুলি সাংৱাদিকৰ আগত মূখ্যমন্ত্ৰী জনে মতপোষণ কৰে।

ইয়াৰ উপৰিও মূখ্যমন্ত্ৰী জনে চৰকাৰৰ নিতী নিৰ্দেশনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দলং নিৰ্মাণৰ যাৱতীয় দিশ সমূহ পৰ্যালোচনা কৰি যাব বুলি উল্লেখ কৰে। অনুষ্ঠানত ভাষণ প্ৰদাণ কৰি মূখ্যমন্ত্ৰী সোণোৱালে মাজুলীৰ যুৱক-যুৱতী সকলক অৰ্থনীতি ভাবে স্বাবলম্বী কৰা মানসিকতাৰে অসমৰ প্ৰায় দুই লাখ নিবনুৱা যুৱক-যুৱতীক আত্ম-সংস্থাপনৰ উদ্দেশে ৰি-স্বয়ম আচঁনিৰ জৰিয়তে প্ৰতিতো গোটক ৫ লাখকৈ অৰ্থাৎ প্ৰতি গৰাকী লোকক ৫০ হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

ইয়াৰ উদ্দেশ্য হৈছে এখন আত্ম-নিৰ্ভশীল অসম গঢ়ি তোলা। আত্ম-নিৰ্ভশীল হ'বলৈ যুৱক-যুৱতী, পুৰুষ-মহিলা, কৃষক, শ্ৰমিক সকলোৱেই উপাৰ্যনৰ ক্ষেত্ৰত স্বাবলম্বী হ'ব লাগিব। অসমক ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ স্বাৱলম্বী ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ এনে আচঁনি ৰূপায়ণ কৰা হৈছে। যি সকল যুৱক-যুৱতী এই আচঁনিত অন্তভুক্ত হোৱা নাই সেইসকল যুৱক-যুৱতীকো কম দিনৰ ভিতৰত এই আচঁনিৰ জড়িয়তে সহযোগিতা প্ৰদাণ কৰা হ'ব বুলি মতপোষণ কৰে।

যোৱা ১ ফেব্ৰুৱাৰী দিনা কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা চিতাৰমনে অসমৰ ৰাস্তা ঘাট মাঠাউৰি নিৰ্মাণৰ বাবে ৩৪ হাজাৰ কোটি টকা ধাৰ্য কৰিছে। ইয়াৰ ওপৰিও চাহ শ্ৰমিক সকলৰ উন্নয়নৰ বাবে ১ হাজাৰ কোটি টকা নিৰ্ধাৰণ কৰিছে। আনহাতে কেন্দ্ৰৰ পঞ্চদশ বিত্তীয় আয়োগে মাজুলীৰ মাঠাউৰি নিৰ্মাণৰ বাবে ১ হাজাৰ ৯৫ কোটি টকা নিৰ্ধাৰণ কৰিছে। এই সকলো খিনি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা সদভাৱৰ বাবেই সম্ভৱ হৈছে বুলি মন্তব্য কৰে মূখ্যমন্ত্ৰী সোণোৱালে। ভূমিহীন লোক ভূমী পত্তা প্ৰদাণ প্ৰসংগত মূখ্যমন্ত্ৰীয়ে কয় বিজেপি চৰকাৰে ৩ লাখ ৯৫ লাখ মানুহৰ হাতত মাটি পত্তা প্ৰদান কৰিলে।

ভাৰত বৰ্ষৰ প্ৰধান মন্ত্ৰীয়েও শিৱসাগৰত ১ লাখ লোকক ভূমি পৰ্ত্তা প্ৰদানৰ শুভাৰম্ভ কৰিলে আৰু মাজুলী জিলাতো বৰ্তমানলৈকে ১৬ হাজাৰ লোকক ভূমি পত্তা প্ৰদান কৰিলে। কংগ্ৰেছে বিগত ৫৫ বছৰে এনে কাম হাতত লোৱা নাছিল । মূখ্যমন্ত্ৰীয়ে আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ বুলি উল্লেখ কৰি কয় বিজেপি চৰকাৰে নতুন ভূমি নিতীৰে এই কাম কৰিবলৈ সক্ষম হৈছে। এটা জাতিৰ প্ৰধান অস্তিত মাটি বুলি দিহতাৰে কয় মূখ্যমন্ত্ৰীয়ে।মূখ্যমন্ত্ৰী জনে উক্ত স্থানতে ভূমি সংৰক্ষণ বিভাগৰ ৮৪ লাখ টকাৰ ৬ খন অভিলাসী আচঁনিৰ প্ৰতকী আধাৰশীলাও উদ্ধোধন কৰে।

অনুষ্ঠানত লোকসভাৰ লক্ষীমপূৰ লোকসভাৰ সমষ্টি সাংসদ প্ৰদাণ বৰুৱা, দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী মাধৱ দেউৰী, আৰ্ট ফেডৰ অধ্যক্ষা ৰূপা কামান, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰী , আৰক্ষী অধীক্ষক অৰ্পনা এন, কৰ্মী মনোজ বৰা, দীপক গোস্বামী, প্ৰমোদ বৰা, লোকনাথ কুটুম, জিলা পৰিষদৰ সভানেত্ৰী পাপু হাজৰিকাই অংশ গ্ৰহণ কৰে। ইয়াৰ পিছতেই মূখ্যমন্ত্ৰীয়ে নামনি মাজুলীৰ কাকৈকতাত অনুসুচিত জাতি পৰিষদৰ নৱম ত্ৰি-বাৰ্ষিক অধিৱেশনত অংশ গ্ৰহণ কৰি ভাষণ প্ৰদাণ কৰে।