পূৱ মাজুলী মহাবিদ্যালয়ত মাজুলী সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ পাঠদানৰ শুভাৰম্ভ…

পূৱ মাজুলী মহাবিদ্যালয়ত মাজুলী সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ পাঠদানৰ শুভাৰম্ভ…

author-image
asomiyapratidin
New Update
পূৱ মাজুলী মহাবিদ্যালয়ত মাজুলী সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ পাঠদানৰ শুভাৰম্ভ…

ডিজিটেল সংবাদ, মাজুলীঃ বুধবাৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক বিশ্ববিদ্যালয় মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নিয়মীয়া পাঠদান কাৰ্যসূচীৰ পূৱ মাজুলী মহাবিদ্যালয়ত শুভাৰম্ভ কৰে ৷ অনুস্থানত সভাত মূখ্যঅতিথি হিচাপে উপস্থিত থাকি মূখ্যমন্ত্ৰী জনে কয় যে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ে মাজুলীৰ সত্ৰীয়া সংস্কৃতি, জনগোষ্ঠীয় সংস্কৃতিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰিতহৈ থকা সংস্কৃতি সমুহ গবেষনাৰ মাধ্যমেৰে শুদ্ধ ৰূপত বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

Advertisment

নিৰ্ধাৰিত সময়তকৈ প্ৰায় আঢ়ৈ ঘন্টা পলমকৈ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অস্থায়ী চৌহদ পূব মাজুলী মহাবিদ্যালয়ত উপস্থিত হোৱা মূখ্যমন্ত্ৰী গৰাকীয়ে পোন-প্ৰথমে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অস্থায়ী কাৰ্যালয় আৰু শ্ৰেনীকোঠাৰ দ্বাৰ উন্মোচন কৰে । তাৰ পিছতেই পূব মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা উদ্বোধনী সভাত আদৰনি ভাষন প্ৰদান কৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ ডম্বৰুধৰ নাথে মাজুলীৰ বিধায়ক তথা মূখ্যমন্ত্ৰীৰ আশাসুধীয়া প্ৰচেষ্টাৰ বাবেই বিগত চাৰি বছৰত মাজুলীয়ে লাভ কৰা অভূতপূৰ্ব পৰিবৰ্তনৰ কথা উল্লেখ কৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ও এই পৰিবৰ্তনৰেই অংশ বুলি কয় ।

তেওঁ ভাষন প্ৰসংগত উল্লখ কৰে যে, ২০১৭ চনৰ অক্টোবৰত বিধানসভাত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আইন পাচ হোৱাৰ পিছত ২০১৮ চনৰ জুলাইত মূখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰে আৰু ২০১৯ চনৰ মেত উপাচাৰ্য নিযুক্তি দিয়া বিশ্ববিদ্যালয়খনে মূখ্যমন্ত্ৰীগৰাকীৰ সদইচ্ছা আৰু বি জে পি চৰকাৰখনৰ শুভকামনাৰ বাবে দ্ৰুতগতিত কাৰ্য সম্পাদন কৰি আজি পাঠদানকাৰ্য আৰম্ভ কৰিবলৈ সক্ষম হৈছে বুলি কয় ।

উক্ত সভাত লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, শ্ৰীশ্রীঅনিৰুদ্ধ দেৱ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডা০জে পি বাৰ্মা, উত্তৰ কমলাবাৰী সত্ৰৰ অধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী, পূব মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০অৰূপ কুমাৰ বৰা, উপায়ুক্ত বিক্ৰম কৈৰী, আৰক্ষী অধীক্ষক অৰ্পনা এন,পঞ্জীয়ক নৰনাৰায়ন নাথ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সাংস্কৃতিক কৰ্মী প্ৰতাপ বৰুৱাই আঁত ধৰা সভাখনিত বিশ্ববিদ্যালয়ৰ ছাত্ৰী মলয়া ভড়ালীয়ে মাধৱদেব বিৰচিত এটি বৰগীত পৰিবেশন কৰে ।