/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/382542-banks.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃআপুনি যদি চৰকাৰী চাকৰিয়াল তেন্তে আপোনাৰ বাবে আছে এটা গুৰুত্বপূৰ্ণ খবৰ। সাধাৰণতে দেখা যায় যে, মাহৰ শেষত প্ৰায় সংখ্যক চাকৰিয়াল লোকৰে বেংকৰ একাউন্টত জমা ধন শূন্য হৈ পৰে। বিভিন্ন ধৰণৰ ঋণৰ পৰা সন্তানৰ বহু খা-খৰচৰ বাবে মাহৰ শেষত বেংকৰ একাউন্ট হৈ পৰে শূণ্য। কিন্তু চলিত মে' মাহত কোনো চাকৰিয়ালে বেংকৰ একাউন্ট শূণ্য নকৰিব, নহ'লে হেৰুৱাব এটা বিশেষ সুবিধা।
দৰাচলতে প্ৰধান মন্ত্ৰীৰ সুৰক্ষা বীমা যোজনাৰ অধীনত প্ৰতি বছৰৰ ৩১ মে'ত সকলো লোকৰ পৰা অতি কম সংখ্যক ধন কাটি নিয়া হয়। ইয়াৰ বাবে আগতীয়াকৈ সকলোকে জনাই দিয়া হয়। যদি আপোনাৰ একাউন্টত এই নুন্যতম ধনো নাথাকে তেন্তে এই আচনিৰ সুবিধা সমূহ উপভোগ কৰাৰ পৰা বঞ্চিত থাকিব লাগিব।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ বাবে প্ৰতিবছৰে লোৱা হয় ১২ টকাকৈ। ১৮ বছৰৰ পৰা ৭০ বছৰ বয়সৰ ভিতৰত এই যোজনাৰ সকলো সুবিধা লাভ কৰিব পাৰিব এজন লোকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us