পঢ়াৰ লগতে ছাত্ৰ-ছাত্ৰীক “পাৰ্ট টাইম জৱ” দিব দেশৰ এখন বিশ্ববিদ্যালয়ে…

পঢ়াৰ লগতে ছাত্ৰ-ছাত্ৰীক “পাৰ্ট টাইম জৱ” দিব দেশৰ এখন বিশ্ববিদ্যালয়ে…

author-image
asomiyapratidin
New Update
পঢ়াৰ লগতে ছাত্ৰ-ছাত্ৰীক “পাৰ্ট টাইম জৱ” দিব দেশৰ এখন বিশ্ববিদ্যালয়ে…

ডিজিটেল ডেস্কঃছাত্ৰ-ছাত্ৰীৰ আৰ্থিক দিশ আৰু সংস্থাপনৰ ক্ষেত্ৰৰ প্ৰতি লক্ষ্য ৰাখি, লক্ষ্ণৌ বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে কৰ্মযোগী যোজনা নামৰ এখন আঁচনি। এই আঁচনিখনৰ জৰিয়তে বিশ্ববিদ্যালয়খনে বিশ্ববিদ্যালয়ৰ চৌহদত ছাত্ৰী ছাত্ৰী সকলক পঢ়াৰ সমান্তৰালকৈ অংশকালীন কৰ্মক্ষেত্ৰ প্ৰদান কৰিব।মঙলবাৰে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ আলোক কুমাৰ ৰায়ে কয় যে, এই আঁচনিৰ জৰিয়তে এবছৰত অতিকমেও ১৫,০০০ টকা উপাৰ্জন কৰিব পাৰিব ছাত্ৰী-ছাত্ৰী সকলে।

উপাধ্যক্ষজনে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক কয় যে, লক্ষ্ণৌ বিশ্ববিদ্যালয়ে ছাত্ৰৰ কৰ্মক্ষেত্ৰ তৈয়াৰ কৰিবলৈ ক্ষীপ্ৰতাৰে কাম সম্পাদন কৰিছে। ইয়াৰ বাবে তেওঁলোকে বিভিন্ন কাৰ্যক্ৰমঁণিকাও আৰম্ভ কৰিছে।

কৰ্মযোগী আঁচনিৰ জৰিয়তে ছাত্ৰ সকলক তেওঁলোকৰ শ্ৰেণীসমূহ শেষ হোৱাৰ পিছত অধিকতম ৫০ দিনৰ বাবে ২ ঘন্টাকৈ কাম কৰাৰ অনুমতি প্ৰদান কৰা হ'ব।ইয়াৰ বাবে তেওঁলোকক প্ৰতিঘন্টাত লাভ কৰিব ১৫০ টকা। উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে এজন ছাত্ৰই ১৫,০০০ টকাকৈ উপাৰ্জন কৰিব পাৰিব এটা বছৰত।