যোৱা ৩ বছৰৰ বাজেটে কি দিলে ৰাজ্যবাসীক…

যোৱা ৩ বছৰৰ বাজেটে কি দিলে ৰাজ্যবাসীক…

author-image
asomiyapratidin
New Update
যোৱা ৩ বছৰৰ বাজেটে কি দিলে ৰাজ্যবাসীক…

ডিজিটেল ডেস্কঃ প্ৰতিটো নতুন বছৰৰ আৰম্ভণিতেই ৰাজ্যবাসীলৈ নতুন প্ৰত্যাশা লৈ আহে বাজেটে। চৰকাৰে ঘোষণা কৰা এই বাজেটৰ আঁচনি বাস্তৱত ৰূপায়ন হয়নে? সেই খবৰ কিন্তু নাপায় সাধাৰণ মানুহে। ২০১৬-১৭ বৰ্ষত ৰাজ্যৰ বাজেট আছিল ৮৩,০১৭.৬ কোটি টকা। সেই বৰ্ষৰ বাজেটত নিৰ্ধাৰিত ধনৰ ৫৭৪০৬.৮১ কোটি টকা ব্যয় হ'ল। অৰ্থাৎ ৬৯.১৫ শতাংশ ধন ব্যয় হ'ল সেই বৰ্ষৰ বাজেটত।

২০১৭-১৮ বৰ্ষত ৰাজ্যৰ বাজেট আছিল ৯৯,৪৫৩.০৮ কোটি। সেইবাৰ ৰাজ্য চৰকাৰে বাজেটৰ নিৰ্ধাৰিত ধনৰ ৭০.৪৯ শতাংশ ধনহে ব্যয় কৰিলে। উক্ত বছৰত ব্যয় কৰা ধনৰ পৰিমান ৭৩১০৫.৫০ কোটি । ২০১৮-১৯ বৰ্ষত বাজেট আছিল ৯০,২৬৯.৯২ কোটি। এই বাজেটত চৰকাৰে বহু আঁচনিৰ কথা ঘোষণা কৰে। কিন্তু বেছিভাগ আঁচনিয়ে ধোৱাচাঙত উঠে। ২০১৬-১৭ বৰ্ষত ১০০খন আঁচনি ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে। ২০১৭-১৮ বৰ্ষত সেই আঁচনিৰ সংখ্যা আছিল ১২০খন। আৰু ২০১৮-১৯ত প্ৰায় ৫০০ আঁচনি ঘোষণা কৰিছিল চৰকাৰে।

এইদৰে বাজেটত মানুহক আকৰ্ষিত কৰিব পৰাকৈ ন ন আঁচনি ঘোষণা কৰে যদিও, সেই আঁচনি কিমান ৰূপায়ন হ'লে, সেই তথ্যহে চৰকাৰে সৰ্বসাধাৰণৰ উপলব্ধি হোৱাকৈ প্ৰকাশ নকৰে। নতুন বছৰে ৰাইজৰ পুনৰ আশাবাদী হৈ পৰে। কিয়নো নতুন বছৰৰ লগে লগে আহে নতুন বাজেট।