ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে সুখবৰ, এতিয়া অনলাইনযোগে লাভ কৰিব বহু সুবিধা…

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে সুখবৰ, এতিয়া অনলাইনযোগে লাভ কৰিব বহু সুবিধা…

author-image
asomiyapratidin
New Update
ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে সুখবৰ, এতিয়া অনলাইনযোগে লাভ কৰিব বহু সুবিধা…

ডিজিটেল ডেস্কঃ মানুহৰ প্ৰয়োজনীয় তিনিটা প্ৰধান বস্তু হ'ল বাসগৃহ, বস্ত্ৰ আৰু খাদ্য। কিন্তু প্ৰশ্ন হয় খাদ্য বনাবলৈ আছেনে আপোনাৰ এল পি জি গেছ চিলিণ্ডাৰ। ভাৰতবৰ্ষত এল পি জি গেছ কানেকশ্যন থকা লোকসকলৰ ভিতৰত একাংশই ৰাজ সাহায্যৰ কিছু ধন বেংক একাউণ্টত লাভ কৰে আৰু একাংশই লাভ নকৰে এই ৰাজ সাহায্য।

প্ৰায়ে দেখা যায় বহু লোকে নিজৰ গেছ চিলিণ্ডাৰৰ কানেকশ্যনৰ ৰেহাই মূল্য বেংক একাউণ্টত লাভ কৰিবলৈ গেছ এজেন্সীসমূহৰ দীঘলীয়া শাৰীত থিয় হ'ব লাগে। কিন্তু সময়ৰ অভাৱত বা অন্য কাৰণ সমূহতেই বহুতে নোৱাৰে নিজ বেংক একাউণ্টত সেই সুবিধা লাভ কৰিবলৈ গেছ এজেন্সীসমূহত গৈ শাৰী পাতিব।

কিন্তু এতিয়া আৰু এই ক্ষেত্ৰত চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। মোডী চৰকাৰে প্ৰায়ে গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত আঁচনি সমূহ ঘোষণা কৰে। এইবাৰো তেনেই এক নতুন আঁচনি ঘোষণা কৰিছে চৰকাৰে। এল পি জি গেছৰ ৰেহাই ধন যিসকল লোকৰ বেংক একাউণ্টত নোসোমাই তেওঁলোকে এই ধন লাভ কৰিব পাৰিব।

এই ৰেহাই ধন লাভ নকৰা এল পি জি গেছ কানেকশ্যন থকা গ্ৰাহকসকলে এতিয়াৰে পৰা অনলাইনযোগে ঘৰত থাকিয়েই ৰেজিষ্টাৰ কৰিব পাৰিব নিজৰ বেংক একাউণ্ট নম্বৰ। অৰ্থাৎ কোনো সময় ব্যয় নকৰি বা দীঘলীয়া শাৰী নপতাকৈয়ে গেছ কানেকশ্যনৰ অফিচিয়েল ৱেবছাইটত গৈ নিজৰ আই ডি জমা দিয়াৰ লগতে এই কানেকশ্যনৰে জড়িত অন্যান্য সুবিধা সমূহ লাভ কৰিব পাৰিব।