/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/87d4bdce-eb1d-457f-b8f6-ac12a83ca580.jpg)
ডিজিটেল ডেস্কঃ এতিয়া আৰু সেই দিন নাই। যিটো দিনত আপুনি ইন্টাৰনেট সেৱাৰ বাবে বুজন পৰিমাণৰ ধন ব্যয় কৰিছিল। এসময়ত ১ জি বি ডাটাত ২৫০ টকা খৰচ কৰাৰ বিপৰীতে আজি সমগ্ৰ ভাৰতবাসীয়ে ১ জি বি ডাটা ক্ৰয় কৰে মাথো ১৮ টকাকৈ।
শেহতীয়াকৈ cable.co.uk নামৰ এটা সংস্থাই চলোৱা অনুসন্ধানত সমগ্ৰ বিশ্বত আটাইতকৈ কম মূল্যত ডাটা প্ৰদান কৰা দেশৰ হিচাপে স্বীকৃতি পাইছে ভাৰতবৰ্ষই।
সংস্থাটোৱে লগতে এই তথ্যয়ো প্ৰদান কৰিছে যে, ব্ৰিটেইন ১ জি বি ডাটাৰ বিপৰীতে খৰছ কৰিব লাগে ৬.৬৬ ডলাৰ অৰ্থাৎ প্ৰায় ৪৭৩ টকা আনহাতে বিশ্বৰ সবাতোকৈ উন্নত দেশ আমেৰিকাই প্ৰতি জি বি ডাটাত খৰছ কৰে ১২.৩৭ ডলাৰ অৰ্থাৎ প্ৰায় ৮৭৩ টকা। সংস্থাটোৱে প্ৰতিবেদনত প্ৰকাশ কৰিছে যে, সমগ্ৰ বিশ্বৰ ভিতৰত জিম্বাৱে'ত ডাটাৰ মূল্য সবাতোকৈ বেছি, যত ১ জি বি ডাটাৰ বাবে খৰছ কৰিব লগা হয় ৭৫.২০ ডলাৰ অৰ্থাৎ ৫,৩৩৯ টকা।
সংস্থাটোৱে চলোৱা এই অনুসন্ধান কৰা হৈছিল ২০১৮ চনৰ ২৩ অক্টোবৰৰ পৰা ২৮ নৱেম্বৰৰৰ ভিতৰত। ভাৰতবৰ্ষৰ ডাটাৰ বিষয়ে জানিবলৈ সংস্থাটোৱে ৫৭ টা ইন্টাৰনেট সম্পকীয় আচঁনি পুংখানুপুংখভাৱে অধ্যয়ন কৰিছিল।
কম মূল্যত ডাটা উপলদ্ধ হোৱা বিশ্বৰ আনকেইখন মান দেশ হ'ল- কিৰ্গিস্থানত প্ৰতি জি বি ডাটাৰ মূল্য প্ৰায় ১৯. ১ টকা, কাজাগিস্তানত ৩৪.৭ টকা, য়ুকেনত ৩৬.২ টকা, ৱান্দাত ৩৯.৭ টকা।
ভাৰতবৰ্ষে সন্দৰ্ভত এই প্ৰতিবেদনত কোৱা হৈছ যে- ভাৰতবৰ্ষত যুৱপ্ৰজন্মৰ মাজত প্ৰযুক্তি বিদ্যাক লৈ বিশেষ উৎসুকতা আছে। ভাৰতবৰ্ষই এখন শক্তিশালী স্মাৰ্টফোনৰ বজাৰ বিশ্বক প্ৰদান কৰিছে,যাৰ ফলত ইয়াত ডাটাৰ মূল্য কম।'
সংস্থাটোৰ এই তথ্যৰ প্ৰকাশৰ পাছতে একাংশ মহলত চৰ্চিত হৈছে যে, দেশত ইন্টাৰনেট সেৱা কম মূল্যতে উপলদ্ধ হোৱাৰ বাবে একাংশ যুপ্ৰজন্ম বিপথে পৰিচালিত হৈছে। কিন্তু এই বিষয়ত আন এচামে এনেদৰেও যুক্তি দৰ্শাইছে যে, বিজ্ঞান প্ৰযুক্তিৰ দিনত এনে সুবিধাই যুৱপ্ৰজন্মক বহু ক্ষেত্ৰত সহায়ক হিচাপেহে বিবেচিত হৈছে।
উল্লেখ্য যে, ৪৩০ মিলিয়ন স্মাৰ্টফোন উপভোক্তাৰে ভাৰত হৈছে চীনৰ পিছতে বিশ্বৰ দ্বিতীয়খন বৃহৎ স্মাৰ্টফোনৰ বজাৰ উপলদ্ধ দেশ।