ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ সংবাদমেলঃ ইএমআই পৰিশোধ কৰাৰ সময়সীমা বৃদ্ধি…

ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ সংবাদমেলঃ ইএমআই পৰিশোধ কৰাৰ সময়সীমা বৃদ্ধি…

author-image
asomiyapratidin
New Update
ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ সংবাদমেলঃ ইএমআই পৰিশোধ কৰাৰ সময়সীমা বৃদ্ধি…

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱাই এখন সংবাদমেল সম্বোধন কৰে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ সন্দৰ্ভতে এই সংবাজদমেলৰ সম্বোধন কৰে গৱৰ্ণৰগৰাকীয়ে। সংবাদমেলত ঘোষণা কৰা হয় ৰেপ' ৰেট হ্ৰাস কৰাৰ সিদ্ধান্তৰ কথা। কোৰোনা ভাইৰাছৰ সৈতে কেনেদৰে ৰিজাৰ্ভ বেংকে যুঁজ কৰিব সেই প্ৰসংগ উত্থাপন কৰি সম্বোধন কৰা সংবাদমেলত ৪০ বেচিচ পইন্ট ৰেপ' ৰেট ৪.৪ শতাংশৰ পৰা ৪ শতাংশলৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে।

Advertisment

ৰিজাৰ্ভ বেংকৰ মনিটৰী পলিচি কমিটিয়ে ৰেপ' ৰেট কৰ্তন কৰাৰ বাবে ভোট দিয়া বুলি উল্লেখ কৰে। ইফালে কেন্দ্ৰীয় বেংকে সমান্তৰালকৈ ৩.৩৫ শতাংশলৈ ৰেপ' ৰেট কৰ্তন কৰিছে। ইফালে ডিজিপিৰ বৃদ্ধিও নিগেটিভ হ'ব বুলি মন্তব্য। ইফালে বৃদ্ধি কৰা হৈছে ইএমআই দিয়াৰ সময়সীমা। বেংকসমূহক এতিয়া কম সূদতে ৰিজাৰ্ভ বেংকে দিব লোন।

লকডাউনৰ সময়ত ইএমআই ৩ মাহলৈ নিদিলেও হ'ব বুলি কৰা ঘোষণা পুনৰ আৰু ৩ মাহলৈ বৃদ্ধি কৰা হৈছে। এই সময়চোৱাত যি সূদ হ'ব সেই সূদ পৰিশোধ কৰাৰ সময়সীমাও ৬ মাহলৈ বৃদ্ধি কৰা হৈছে। ৩১ মাৰ্চ, ২০২১ লৈ সূদ দিয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

লগতে তেখেতে ঘোষণা কৰে ভাৰতীয় বৈদেশিক লেনদেন বৃদ্ধি পাইছে। এই লেনদেন ২০২০-২১ চনৰ ১ এপ্ৰিললৈকে ৯.২ বিলিয়ন বৃদ্ধি পাইছে। ভাৰতত লকডাউনৰ বাবে মাৰ্চ মাহত উদ্যোগিক উৎপাদন ১৭ শতাংশ হ্ৰাস পাইছে। লগতে উৎপাদন কাৰ্যও হ্ৰাস পাইছে ২১ শতাংশ।