আপোনাৰ এটা সৰু কাম, সন্তানে লাভ কৰিব ১৩ লাখ ২৪ হাজাৰ টকা !

আপোনাৰ এটা সৰু কাম, সন্তানে লাভ কৰিব ১৩ লাখ ২৪ হাজাৰ টকা !

author-image
asomiyapratidin
New Update
আপোনাৰ এটা সৰু কাম, সন্তানে লাভ কৰিব ১৩ লাখ ২৪ হাজাৰ টকা !

ডিজিটেল ডেস্কঃ নিজ সন্তানৰ এটা সুন্দৰ ভৱিষ্যৎ প্ৰত্যেক পিতৃ-মাতৃয়ে কামনা কৰে। সকলোয়ে বিছাৰে নিজ সন্তান সদায় সুখত থাকক। জীৱনত মানসিক শান্তিৰ পৰা আদি কৰি অৰ্থনৈতিক দিশলৈকে, কোনো দিশতে নিজ সন্তানে কষ্ট পোৱাতে নিবিছাৰে পিতৃ-মাতৃয়ে।

এই দিশৰ প্ৰতি লক্ষ্য ৰাখিয়ে শেহতীয়াকৈ এল আই চি য়ে আৰম্ভ কৰিছে এখন নতুন আঁচনি। আচঁনিখনৰ নাম 'জীৱন তৰুণ'। এই আচনি খনৰ সন্দৰ্ভত এল আই চিয়ে প্ৰকাশ কৰিছে যে ' সন্তানৰ নামত প্ৰতিমাহে যদি ১৮২০' টকাকৈ জমা কৰে তেন্তে ২৫ বছৰৰ মুৰত আপুনি লাভ কৰিব ১৩ লাখ ২৪ হাজাৰ টকা। প্ৰতিমাহে ১৮২০ টকাকৈ জমা কৰিব লাগিব ২০ বছৰলৈ,তাৰ পিছৰ ৫ বছৰত কোনো ধন জমা দিব নালাগে এল আই চিত।

এই আচনিৰ বাবে সন্তানৰ বয়স হ'ব লাগিব ৩ মাহৰ পৰা ১২ বছৰৰ ভিতৰত। এল আই চিয়ে জনাইছে যে সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ সন্তানৰ উচ্চশিক্ষাৰ পৰা আদি কৰি ভিন্নদিশত সহায় হোৱাকৈ এই আচনি আৰম্ভ কৰা হৈছে।