এলইডি বাল্বে পোহৰাইছে দেশৰ অৰ্থনীতি, ৰাহি কৰিছে ১৮ হাজাৰৰো অধিক কোটি…

এলইডি বাল্বে পোহৰাইছে দেশৰ অৰ্থনীতি, ৰাহি কৰিছে ১৮ হাজাৰৰো অধিক কোটি…

author-image
asomiyapratidin
New Update
এলইডি বাল্বে পোহৰাইছে দেশৰ অৰ্থনীতি, ৰাহি কৰিছে ১৮ হাজাৰৰো অধিক কোটি…

ডিজিটেল ডেস্কঃ এলইডি বাল্বে এইবাৰ বাজেটত বিশেষ গুৰুত্ব লাভ কৰিলে। এলইডি বাল্বৰ বাবেই বছৰি ৰাহি হৈছে ১৮৩৪১ কোটি টকা। এই তথ্য ২০১৯ বৰ্ষৰ বাজেট দাখিল কৰি বাজেট ভাষণত উল্লেখ কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

উল্লেখ্য যে, চৰকাৰে বিদ্যুৎ শক্তি ৰাহি কৰাৰ লক্ষ্যৰে দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ মাজত এলইডি বাল্ব বিতৰণ কৰিছিল। আন বাল্বৰ তুলনাত এলইডি বাল্বে কম বিদ্যুৎ শক্তিতেই পোহৰ দিয়ে। সেয়ে এটা বছৰত এই বাল্ব ব্যৱহাৰ কৰাৰ ফলত ১৮৩৪১ কোটি টকা ৰাহি হোৱা বুলি সদনক জনায় বিত্তমন্ত্ৰীয়ে। এই পৰ্যন্ত দেশত ৩৫ কোটি এলইডি বাল্ব বিতৰণ কৰা হৈছে।