গাড়ী কিনাৰ কথা ভাবিছে নেকি? পঢ়ক এই খবৰ…

গাড়ী কিনাৰ কথা ভাবিছে নেকি? পঢ়ক এই খবৰ…

author-image
asomiyapratidin
New Update
গাড়ী কিনাৰ কথা ভাবিছে নেকি? পঢ়ক এই খবৰ…

ডিজিটেল ডেস্কঃ যদি আপুনি বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ আগতেই ক্ৰয় কৰক। কিয়নো ১ এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে বিএছ-৬ ইঞ্জিনৰ বাহন সমগ্ৰ দেশতে প্ৰচলন হ'ব। ইয়াৰ লগে লগে দেশত বন্ধ হ'ব বিএছ-৪ ইঞ্জিন চালিত বাহন।

এই নিয়মৰ সৈতে সংগতি ৰাখি দেশৰ অগ্ৰণী বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটাই বিএছ-৪ ইঞ্জিন চালিত কেইবাখনো বাহন ৰেহাই মূল্যত বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে গ্ৰাহকে আদৰি লোৱা টাটা হেক্সা মডেলৰ বাহনখনত ২.১৫ লাখ টকালৈকে ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে প্ৰতিষ্ঠানটোৱে।

ইয়াৰোপৰি টাটা বল্ড, টাটা জেট, টাটা চাফাৰী ষ্ট্ৰঙৰ সকলো বাহনেই ৬০-৮৫ হাজাৰ পৰ্যন্ত ৰেহাই মূল্যত বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে প্ৰতিষ্ঠানটোৱে। টাটা হাৰিয়াৰ বাহনখনত ১.৪ লাখ টকালৈকে ৰেহাই দিয়াৰ কথাও প্ৰতিষ্ঠানটোৱে ৰাজহুৱা কৰিছে শেহতীয়াকৈ। উল্লেখ্য যে, ফেব্ৰুৱাৰী মাহত টাটাৰ বাহন সমূহ ক্ৰয় কৰিলে বিশেষ ৰেহাই প্ৰদানৰো ঘোষণা কৰা হৈছে।