বজাৰলৈ আহিব KTMৰ ৪ খনকৈ নতুন বাইক

বজাৰলৈ আহিব KTMৰ ৪ খনকৈ নতুন বাইক

author-image
asomiyapratidin
New Update
বজাৰলৈ আহিব KTMৰ ৪ খনকৈ নতুন বাইক

ডিজিটেল ডেস্কঃ আগশাৰীৰ মটৰচাইকেল নিৰ্মাতা প্ৰতিষ্ঠান কে টি এমে চলিত বৰ্ষতে মুকলি কৰিব চাৰিখনকৈ নতুন মটৰ চাইকেল। এই মটৰ চাইকেল কেইখন হৈছে- কে টি এম ৩৯০ এডভেন্সাৰ, আৰ চি ২৯০, আৰ চি ২৫০ আৰু ডিউক ৭৯০।

ইয়াৰে আৰ চি ২৫০ মটৰ চাইকেলখন ইতিমধ্যে ভাৰতত নিৰ্মাণ কৰা হৈছে। আৰু বিদেশলৈও ভাৰতৰ পৰা ৰপ্তানি কৰা হৈছে। এই মটৰ চাইকেলখনত থাকিব ২৪৮.৮ চিচিৰ ইঞ্জিন, ৬ স্পীড গিয়েৰ বক্স। এই মটৰ চাইকেলখনৰ অনুমানিক মূল্য হ'ল ২লাখ ১০হাজাৰৰ পৰা ২ লাখ ৩০ হাজাৰ টকা। একেদৰে ৩৯০ এডভেন্সাৰখনৰ মূল্য ২ লাখ ৬০ হাজাৰ টকা।