/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/khadi-store_indiatvpaisa-860x508.jpg)
ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে খাদীৰ চাাহিদা । খাদীৰ উপাৰ্জন যোৱা ২০১৪-১৫ ৰ ৮১১ কোটি টকাৰ পৰা ২০১৭-১৮ লৈ ২,৫০৯ কোটি টকালৈ বৃদ্ধি পাইছে। খাদী আৰু গ্ৰাম্য ঔদ্যোগিক কমিছনৰ অধ্যক্ষ বিনয় কুমাৰ চাক্সেনাই প্ৰকাশ কৰিছে যে বিগত তিনিটা বিত্তীয় বৰ্ষত খাদী সামগ্ৰীৰ বিক্ৰী তিনিগুণ বৃদ্ধি পাইছে।
অধ্যক্ষ গৰাকীয়ও লগতে জনায় যে যোৱা ২০০৪-২০১৪ ৰ ভিতৰত খাদী সামগ্ৰীৰ বাৰ্ষিক বিকাশৰ হাৰ আছিল ৬.৬৮ শতাংশ আৰু ইয়াৰ পাছৰ চাৰিটা বছৰত বাৰ্ষিক ৩৭ শতাংশ হাৰত বিকাশ লাভ কৰিছে খাদী সামগ্ৰীয়ে। খাদী সামগ্ৰী জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই খাদী সামগ্ৰীৰ বিপনীৰ সংখ্যা দেশত ১,০৬০খনলৈা বৃদ্ধি কৰা হৈছে।
কেভিআইচি য়ে অচিৰেই খাদী এক্সপ্ৰেছ ৰে'ল চলাচলৰ বাবেও ৰে'ল বিভাগৰ সৈতে আলোচনা কৰিছে। এই খাদী এক্সপ্ৰেছত থাকিব পাঁচটা দবা, য'ত গ্ৰাহকৰ বাবে বিভিন্ন খাদী সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰা হব । উল্লেখ্য যে, যোৱা ২ অক্টোবৰত খাদীৰ প্ৰচাৰৰ উদ্দেশ্য ৫০ খন দেশক কে ভি আই চিয়ে খাদী সামগ্ৰী প্ৰদৰ্শনৰো ব্যৱস্থা কৰিছিল ।