১২ ফেব্ৰুৱাৰীত মঙলদৈত ‘কৰুণাধাৰা’ৰ একাদশ প্ৰতিষ্ঠা দিৱস…

১২ ফেব্ৰুৱাৰীত মঙলদৈত ‘কৰুণাধাৰা’ৰ একাদশ প্ৰতিষ্ঠা দিৱস…

author-image
asomiyapratidin
New Update
১২ ফেব্ৰুৱাৰীত মঙলদৈত ‘কৰুণাধাৰা’ৰ একাদশ প্ৰতিষ্ঠা দিৱস…

ডিজিটেল সংবাদ ,মঙলদৈঃ মানৱতাবাদী সংগঠন 'কৰুণাধাৰা' ন্যাসৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি অহা ১২ ফেব্ৰুৱাৰীত মঙলদৈ সনাতন ধৰ্ম সভাৰ সভাগৃহত অনুষ্ঠিত হ'ব। 'কৰুণাধাৰা' দৰং জিলা সহায়ক সমিতিৰ উদ্যোগত হ'বলগীয়া এই প্ৰতিষ্ঠা দিৱস উপলক্ষে দিনৰ ১.৫০ বজাত কৰুণাধাৰা সন্দৰ্ভত নিৰ্মিত তথ্যচিত্ৰ প্ৰদৰ্শন হ'ব।

Advertisment

বিয়লি ২.৩০ বজাত কৰুণাধাৰা ন্যাসৰ সভাপতি প্ৰতুল ফুকনৰ সভাপতি হ'বলগীয়া সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা কৰুণাধাৰাৰ জন্মদাতা হোমেন বৰগোহাঞি, এছিয়ান ইণ্ডিয়া বিজিনেচ কাউন্সিল, লাওচ পিডিআৰ শ্বেপটাৰৰ চেয়াৰমেন হবিব মহম্মদ চৌধুৰী, বিশিষ্ট সমাজকৰ্মী, ৰক্তদাতা শেখৰ মজুমদাৰ অতিথি হিচাপে অংশগ্ৰহণ কৰিব। সভাত ওদালগুৰি জিলাৰ যোৰপুখুৰী গাঁৱৰ গাওঁবুঢ়া তথা সমাজকৰ্মী গঙ্গাপ্ৰসাদ শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব।

বিশেষভাৱে সক্ষম হীৰামনি বৰুৱাই গীত পৰিবেশন কৰিবলগীয়া এই সভাত কৰুণাধাৰাৰ উপসভাপতি নীলিমা গোস্বামীৰ এখন গ্ৰন্থ সাংবাদিক হোমেন বৰগোহাঞিয়ে উন্মোচন কৰিব। 'কৰুণাধাৰা' দৰং জিলা সহায়ক সমিতিৰ সম্পাদক গণেশ দত্তই জনোৱা মতে এই প্ৰতিষ্ঠা দিৱসত জেচমিন আৰা আহমেদ, অনিমা বৰুৱা, জয়মতী বৰা, দুৰ্লভ শৰ্মা আৰু জেৰিফা চুলতানাক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হ'ব।