আদৰ্শ কৃষক পিতৃৰ পদাংক অনুসৰণ কৰি দুই পুত্ৰই মৎস্য পালনৰে দেখুৱাইছে আদৰ্শ

আদৰ্শ কৃষক পিতৃৰ পদাংক অনুসৰণ কৰি দুই পুত্ৰই মৎস্য পালনৰে দেখুৱাইছে আদৰ্শ

author-image
asomiyapratidin
New Update
আদৰ্শ কৃষক পিতৃৰ পদাংক অনুসৰণ কৰি দুই পুত্ৰই মৎস্য পালনৰে দেখুৱাইছে আদৰ্শ

ডিজিটেল সংবাদ টীয়কঃ কমলা গগৈ, এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ।সমান্তৰালভাৱে ৰাষ্ট্ৰীয়, ৰাজ্যিক পৰ্যায়ৰ এগৰাকী চৰকাৰী স্বীকৃতি প্ৰাপ্ত আদৰ্শ কৃষক । ১৯৯৫ চনতে টীয়কৰ ৰবি গাঁৱত কমলা গগৈয়ে প্ৰায় ৭০ বিঘা মাটিত আৰম্ভ কৰিছিল মৎস্য পালনৰ লগতে মৎস্য প্ৰজননৰ এক প্ৰকল্প । এই প্ৰকল্পই ইতিমধ্যে সমাদৰ লাভ কৰিছে সকলোৰে মাজত।

Advertisment

কেৱল যোৰহাট জিলাতে নহয় ৰাজ্যৰ ভিন্ন স্থানলৈ এই প্ৰকল্পৰ পৰা মাছৰ পোনা চাহিদা অনুযায়ী সৰবৰাহ কৰা হয় । আদৰ্শ কৃষক পিতৃয়ে স্থাপন কৰা এই প্ৰকল্পত এতিয়া ব্যস্ত দুই পুত্ৰ দেৱাশিস আৰু আশীষ । শিক্ষিত হৈও চৰকাৰী চাকৰিৰ বাবে কাৰ্যালয়ৰ দুৱাৰে-দুৱাৰে ঘূৰি নুফুৰি দেউতাকে স্থাপন কৰা মৎস্য প্ৰকল্পত ব্যস্ত থাকি ভৱিষ্যতৰ সপোন ৰচিছে দুই ভাতৃয়ে।

লকডাউনে বিপৰ্যস্ত কৰিলেও অতি কষ্টৰে দুই ভাতৃয়ে মাছৰ প্ৰজননৰ বাবে আধুনিক কৌশল অৱলম্বন কৰি অধিক মাছৰ পোনা জন্ম দিয়াত সফল হৈছে । দুই ভাতৃৰ সপোন পিতৃয়ে স্থাপন কৰা মৎস্য পালনৰ এই প্ৰকল্পক অধিক সম্প্ৰসাৰণ কৰি স্থানীয় নিবনুৱা যুৱকক সংস্থাপনৰ বাট মুকলি কৰা ।