Advertisment

ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগত অধিক চাকৰি সৃষ্টিৰ সম্ভাৱনা

ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ ২০৫-২৬ চনলৈ দুগুণ হোৱাৰ সম্ভাৱনা আছে। ফলত দ্ৰুত গতিত চলি থকা উপভোক্তা সামগ্ৰী (এফ এম চি জি) খণ্ডত নিযুক্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

author-image
Asomiya Pratidin
New Update
খাদ্য প্ৰস্তুতকৰণ উদ্যোগ

ডিজিটেল ডেস্কঃ ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ ২০৫-২৬ চনলৈ দুগুণ হোৱাৰ সম্ভাৱনা আছে। ফলত দ্ৰুত গতিত চলি থকা উপভোক্তা সামগ্ৰী (এফ এম চি জি) খণ্ডত নিযুক্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। টিমলিজ এডটেকৰ এক প্ৰতিবেদনত দেখা গৈছে নতুন চাকৰিৰ সন্ধানত থকা সকলৰ বাবে নিয়োগৰ আকাংক্ষা ২০২৪ চনৰ দ্বিতীয়াৰ্ধত ৩২ শতাংশত উপনীত হৈছে। ২০২৪ ৰ প্ৰথমাৰ্ধত এই সংখ্যা আছিল ২৭ শতাংশ। 

Advertisment

২০১৯-২০ বৰ্ষত ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ আছিল ২৬৩ বিলিয়ন ডলাৰৰ। ২০২৫-২৬ বৰ্ষত এই উদ্যোগ ৫৩৫ বিলিয়ন ডলাৰৰ হবগৈ বুলি আশা কৰা হৈছে। এই সময়ছোৱাত উদ্যোগটোৰ বাৰ্ষিক বৃদ্ধি ১২.৬ শতাংশ।

উদ্যোগটোৰ এনে বিকাশৰ ফলত গ্ৰাম্য আৰু অৰ্ধ-নগৰ অঞ্চললৈ বহু সম্প্ৰসাৰণ হৈছে। প্ৰতিবেদন অনুসৰি, দেশৰ মুখ্য সামগ্ৰী খণ্ড যেনে দুগ্ধজাত সামগ্ৰী, খোৱাৰ বাবে প্ৰস্তুত হৈ থকা আহাৰ (আৰ টি ই), ফ্ৰীজিং মাংস আৰু জলপান আদিয়ে যোগান শৃংখলা আৰু বজাৰত চাকৰিৰ সুযোগ সৃষ্টি কৰিছে।

টীমলিজ এডটেকৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া শান্তনু ৰুজে এই সন্দৰ্ভত কয়, "ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ দ্ৰুত বিকাশৰ ফলত গ্ৰাম্য আৰু অৰ্ধ-নগৰ অঞ্চলত অধিক বিকাশৰ বাবে এফ এম চি জি খণ্ডত দক্ষ চাকৰিৰ সন্ধানীৰ চাহিদা নিশ্চিতভাৱে হৈছে।

প্ৰতিবেদনখনত লগত এইটোও কোৱা হৈছে যে এফ এম চি জি কোম্পানীবোৰে বজাৰৰ অন্তৰ্দৃষ্টি, খুচুৰা বিতৰণ আৰু আঞ্চলিক উপভোক্তা আচৰণৰ প্ৰতি লক্ষ্য ৰাখি নতুন কৰ্মচাৰী নিয়োগৰ ওপৰত গুৰুত্ব দিছে।কিছুমান চাকৰি ক্ষেত্ৰত বিভিন্ন চহৰত নিয়োগৰ উচ্চ আকাংক্ষা আছে।

বেংগালুৰুত ফুড ইঞ্জিনীয়াৰ ৪১ শতাংশ, দিল্লীত লজিষ্টিক কোঅৰ্ডিনেটৰ ৩৯ শতাংশ, হায়দৰাবাদত যোগান আৰু বিতৰণ শৃংখলাৰ ৩৭ শতাংশ আৰু বেংগালুৰুত ব্ৰেণ্ড মেনেজমেণ্ট প্ৰশিক্ষাৰ্থীৰ ৩৪ শতাংশ পদ আছে আছে।

এই প্ৰতিবেদন মুঠ ১৮ টা উদ্যোগখণ্ডৰ ৫২৬ টা লঘু, মজলীয়া আৰু ডাঙৰ প্ৰতিষ্ঠানৰ মাজত কৰা হৈছিল। মেট্ৰ’, টায়াৰ-১ আৰু দ্বিতীয় স্তৰৰ চহৰকে ধৰি ১৪ টা ভৌগলিক অঞ্চলক সামৰি লোৱা হৈছিল।

 

 

চাকৰি খাদ্য সুৰক্ষা