কম দামত বজাৰত এটা নতুন ফোন, প্ৰয়োজনত হয় পাৱাৰ বেংক…

কম দামত বজাৰত এটা নতুন ফোন, প্ৰয়োজনত হয় পাৱাৰ বেংক…

author-image
asomiyapratidin
New Update
কম দামত বজাৰত এটা নতুন ফোন, প্ৰয়োজনত হয় পাৱাৰ বেংক…

ডিজিটেল ডেস্কঃ কম দামতে এটা ভান ফোন ক্ৰয় কৰাৰ সকলোৰে হেপাঁহ থাকে। গ্ৰাহক সকলৰ এই হেপাঁহৰ প্ৰতি সহাঁৰি জনাইয়ে মোবাইল নিৰ্মাতা প্ৰতিষ্ঠান Jivi য়ে ভাৰতবৰ্ষত মুকলি কৰিছে এটা নতুন ফোন। Jivi N6060 Plus নামৰ এই ফোনটোৰ মূল্য মাত্ৰ ১৬৯৯ টকা। দাম কম হলেও এই ফোনটোত আছে ভালেকেইটা সুবিধা। বিশেষকৈ এই ফোনটোত প্ৰদান কৰা হৈছে শক্তিশালী বেটেৰী।

৫০০০ এম এ এইচ সম্পন্ন এই মোবাইলটোৰ বেটেৰী প্ৰয়োজনত পাৱাৰ বেংক হিচাপেও ব্যৱহাৰ কৰিব পৰা হয়। যিকোনো স্মাৰ্টফোন চাৰ্জ কৰিব পৰা হয় এই পাৱাৰ বেংকৰূপী ফোনটোৰ যোগেদি। ফোনটোত আছে কেমেৰাৰ লগতে mp3-mp4 মিউজিকৰ সুবিধা। FM ৰ পৰা আদি কৰি টৰ্ছৰ লৈকে থকা এই বিশেষ ফোনটোত ২ জি নেটৰ্ৱকৰহে সুবিধা প্ৰদান কৰা হৈছে। উল্লেখ্য যে, এই ফোনটো ইয়াৰ পূৰ্বে ২০১৭ চনৰ ৩০ অক্টোবৰত মুকলি কৰা হৈছিল যদিও কিছু অসুবিধাৰ বাবে বিক্ৰী বন্ধ কৰি দিয়া হৈছিল।