ম’বাইলতে সকলো! আহি আছে জিঅ’ ‘ছুপাৰ এপ’…

ম’বাইলতে সকলো! আহি আছে জিঅ’ ‘ছুপাৰ এপ’…

author-image
asomiyapratidin
New Update
ম’বাইলতে সকলো! আহি আছে জিঅ’ ‘ছুপাৰ এপ’…

ডিজিটেল ডেস্কঃ অচিৰেই নতুন ৰূপত আহিব জিঅ'। জিঅ' হৈ পৰিব বিশ্বৰ বৃহৎ অনলাইন আৰু অফলাইন ই-কমাৰ্চৰ প্লেটফৰ্ম। ইয়াতে উপলব্ধ হ'ব জিট্টাৰ্ছৰ পৰা এমাজন, ৱালমাৰ্ট, ফ্লিপকাৰ্ট আদি সকলো। ৰিলায়েন্স জিঅ'ই মুকলি কৰিব এটা ছুপাৰ এপ। য'ত উপলব্ধ হ'ব ১০০ বিশেষ সেৱা।

Advertisment

উল্লেখযোগ্য যে, বৰ্তমান জিঅ'ৰ আছে ৩০০ বিলিয়ন গ্ৰাহক। জিঅ'ৰ এই গ্ৰাহকসকলে ইণ্টাৰনেট আৰু ফোনকলৰ বাবে জিঅ'ৰ নেটৱৰ্ক ব্যৱহাৰ কৰে। বিশেষজ্ঞ সকলৰ মতে এই ছুপাৰ এপ মুকলি কৰাৰ পাছত সকলো সুবিধাই ইয়াত উপলব্ধ হ'ব। ৰিলায়েন্স জিঅ'ৰ এই ছুপাৰ এপে ই-কমাৰ্চৰ সকলো সুবিধা লাভ কৰাব।

অনলাইনযোগে বুকিঙৰ সুবিধা লাভ কৰিব যিকোনো স্থানৰ পৰা। জিঅ'ৰ কৰ্তৃপক্ষই দাবী কৰা মতে, ভাৰত হ'ব প্ৰথম দেশ, য'ত ম'বাইলৰ জৰিয়তে প্ৰয়োজনী সকলো সুবিধা গ্ৰাহকে লাভ কৰিব। ই-কমাৰ্চৰ বিস্তৃত বজাৰৰ প্ৰতি লক্ষ্য ৰাখি জিঅ'ই এই এপ মুকলি কৰাৰ কথা চিন্তা কৰিছে।

উল্লেখযোগ্য যে, ২০২১চনত ই-কমাৰ্চৰ মাৰ্কেট ৮৪ বিলিয়ন মাৰ্কিন ড'লাৰ হ'বগৈ। ২০১৭ত এই বজাৰৰ মূল্য আছিল ২৪ বিলিয়ন ড'লাৰ। মুকেশ আম্বানীৰ মতে, এই নতুন বাণিজ্য প্লেটফৰ্মে ৩ কোটিৰো অধিক ব্যৱসায়ীক উপকৃত কৰিব। ৰিলায়েন্সে বিশ্বৰ বৃহৎ অনলাইন-অফলাইন ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে কাম কৰি আছে বুলিও দাবী কৰে মুকেশ আম্বানীয়ে। বৰ্তমান জিঅ'ই ভাৰতৰ ঘৰত সামগ্ৰী প্ৰদান আৰু এণ্টাৰপ্ৰাইজ কানেক্টিভিটি মাৰ্কেটত গুৰুত্ব দিছে।