জিঅ’ৰ ৩৯৯ টকাৰ পেক এতিয়া পাব ৯৯ টকাত, কেনেকৈ?

জিঅ’ৰ ৩৯৯ টকাৰ পেক এতিয়া পাব ৯৯ টকাত, কেনেকৈ?

author-image
asomiyapratidin
New Update
জিঅ’ৰ ৩৯৯ টকাৰ পেক এতিয়া পাব ৯৯ টকাত, কেনেকৈ?

ডিজিটেল ডেস্কঃ জিঅ'ৰ গ্ৰাহক সকলৰ বাবে আছে আন এটি সুখবৰ। দৰাচলতে জিঅ'ই গ্ৰাহক সকলক প্ৰদান কৰা অফাৰৰ সমূহৰ বাবে দিনক দিনে বৃদ্ধি পাইছে জিঅ'ৰ গ্ৰাহক সংখ্যা। বিগত বৰ্ষত মুকলি কৰা জিঅ'ৰ ৩৯৯ টকাৰ পেকে খুবেই জনপ্ৰিয়তা লাভ কৰিছিল গ্ৰাহক সকলৰ মাজত। এই পেকেজটোৰ বৈধতা প্ৰথমে ৯০ দিন আছিল যদিও পিছৰ পৰ্যায়ত ৮৪ দিনলৈ হ্ৰাস কৰা হৈছিল। এই পেকেজটোৰ জৰিয়তে জিঅ'ৰ গ্ৰাহক সকল লাভ কৰে ১.৫ জিবি ডাটা, আনলিমিটেড কল আৰু ১০০ টা মেছেজৰ সুবিধা।

শেহতীয়াকৈ জিঅ'য়ে এই ৩৯৯ টকীয়া পেকেজটোত ঘোষণা কৰিছে এক বিশেষ অফাৰ। এই অফাৰত গ্ৰাহকে ৩৯৯ টকাৰ পেকেজটো ক্ৰয় কৰিব পাৰিব মাত্ৰ ৯৯ টকাতে। কিন্তু এই অফাৰৰ সুবিধা লাভ কৰিবৰ বাবে গ্ৰাহকে অৱলম্বন কৰিব লাগিব এক প্ৰক্ৰিয়া।

জিঅ'ৰ এই অফাৰ লাভ কৰিবৰ বাবে প্ৰথমে গ্ৰাহকে মবি'কুইক(mobikwik)ত খুলিব লাগিব এটা একাউন্ট। ইয়াৰ পাছতে এই একাউন্টৰ ৱালেটত ধন জমা কৰি ইয়াৰ জৰিয়তে কৰিব লাগিব জিঅ'ৰ ৰিছাৰ্জ। এনেদৰে ৰিছাৰ্জ কৰাৰ ২৪ ঘণ্টাৰ পাছতে গ্ৰাহকজনে পুনৰ ঘূৰাই পাব ৩০০ টকা। উল্লেখ্য যে, এই সুবিধাৰ বাবে জিঅ' নাম্বাৰ আৰু মবি'কুইক একাউন্ট দুয়োটাই হ'ব লাগিব নতুন।