জিঅ’-২ ম’বাইলত কি কি থাকিব?

জিঅ’-২ ম’বাইলত কি কি থাকিব?

author-image
asomiyapratidin
New Update
জিঅ’-২ ম’বাইলত কি কি থাকিব?

ডিজিটেল ডেস্কঃ জিঅ' ফোনৰ অভূতৰ্পূব বিক্ৰীৰ পাছত এইবাৰ ৰিলায়েন্সে মুকলি কৰিব জিঅ' ফোন-২। স্বাধীনতা দিৱসৰ দিনা বজাৰলৈ আহিব জিঅ'ৰ এই নতুন ফোনটো।

Advertisment

এই ফোনটোৰ মূল্য হ'ব ২৯৯৯ টকা। এই নতুন ফোনটোত থাকিব ২.৪ ইঞ্চি ডিসপ্লে আৰু ইয়াৰ স্ক্ৰীন ৰেজুলেশ্যন হ'ব ২৪০x৩২০ পিস্কেল। ৫১২ ৰেম আৰু ৪ জিবি ইণ্টাৰনেল ষ্টৰেজ গ্ৰাহকে  এছ ডি কাৰ্ডৰ জৰিয়তে গ্ৰাহকে ১২৮ জিবিলৈ বৃদ্ধি কৰিব পাৰিব।

২ মেগাপিক্সেলৰ ৰীয়েৰ কেমেৰা আৰু ০.৩ মেগাপিস্কেলৰ ফ্ৰণ্ট কেমেৰাও থাকিব এই ফোনটোত। ফেচবুক, হোৱাটছএপ আদি এপছ ব্যৱহাৰ কৰিব পাৰিব গ্ৰাহকসকলে।

ফোনটো ব্যৱহাৰৰ বাবে জিঅ'  নেটৰ্ৱকৰ সৈতে সংযোগ হ'ব লাগিব। অনলাইনযোগেও বুকিং কৰিব পাৰিব জিঅ'ৰ এই ফোনটো। ফোনটোৰ অনলাইন বুকিঙৰ বাবে প্ৰথমে ৰিলায়েন্স জিঅ' ৱেবছাইটত গৈ 'Get Now' বুটামত ক্লিক কৰিব লাগিব।

ইয়াৰ পাছতে আপোনাৰ সংযোগ নম্বৰ আৰু পৰিচয় অন্তৰ্ভুক্তি কৰি ফোনটোৰ মূল্য ডেবিট/ক্ৰেডিট বা নেট বেংকিঙৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব।