এতিয়া ডাটা শেষ হোৱাৰ কোনো ভয় নাই! আহি আছে জিঅ’ বাম্পাৰ অফাৰ…

এতিয়া ডাটা শেষ হোৱাৰ কোনো ভয় নাই! আহি আছে জিঅ’ বাম্পাৰ অফাৰ…

author-image
asomiyapratidin
New Update
জিঅ’ৰ অফাৰ, একেলগে কৰক ৬ মাহলৈ ৰিচাৰ্জ…

ডিজিটেল ডেস্কঃ টেলিকম কোম্পানীৰ মাজত বৰ্তমান তীব্ৰ প্ৰতিযোগিতা চলিছে। কোনটো টেলিকম কোম্পানীয়ে কিমান গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে তাৰেই যেন এক দৌৰ আৰম্ভ হৈছে। টেলিকম ছেক্টৰত ৰিলায়েন্স জিঅ'ই প্ৰথম কোম্পানী, যিয়ে গ্ৰাহকক বিনামূলীয়াকৈ ইন্টাৰনেট, কলিং আৰু ৰোমিঙৰ সুবিধা প্ৰদান কৰে। কিন্তু জিঅ' এই দৌৰত প্ৰথম স্থানত আছে যদিও যেন ৰিলায়েন্সৰ স্বত্তাধিকাৰে লাভ কৰা সন্তুষ্টি আৰু বুজি পাইছে গ্ৰাহকৰ অসুবিধা।

কিন্তু গ্ৰাহকৰ সুবিধাৰ্থেই ৰিলায়েন্স জিঅ'ই আগবঢ়াই দিছে এক নতুন প্লান। ইন্টাৰনেটৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা গ্ৰাহকসকলৰ দিনটোৰ চিন্তা এটাই যে, ডেইলী ডাটা অৰ্থাৎ এক, ডেৰ, দুই জিবি দিনটোত উপলব্ধি কৰা ইন্টাৰনেটৰ শেষ হৈ যাব।

জিঅ'ই যেন এতিয়া এইবোৰ চিন্তাৰ পৰা মুক্ত কৰি দিছে গ্ৰাহকক। জিঅ'ই গ্ৰাহকৰ বাবে আগবঢ়াই দিছে এক বাম্পাৰ অফাৰ। 'ডাটা বুষ্টাৰ প্লেন'ৰ জৰিয়তে কোনো চিন্তা নোহোৱাকৈ গ্ৰাহকে এতিয়া ব্যৱহাৰ কৰিব পাৰিব দিনটোত প্ৰয়োজন অনুসৰি ডাটা অৰ্থাৎ ইন্টাৰনেট।

উল্লেখ্য যে, জিঅ'ৰ এই নতুন অফাৰটোৰ দ্বাৰা ২৪ঘণ্টাৰ বাবে ৬ জি বি ডাটা লাভ কৰিব জিঅ'ৰ গ্ৰাহকে। ইয়াৰ বাবে বহু পৰিমানৰ ধন দিব নালাগে। কেৱল ১০১ টকাতেই লাভ কৰিব এই অফাৰ। জিঅ'ৰ এই অফাৰটোৰ পাছত নিশ্চয় সকলো গ্ৰাহকৰ চিন্তা শেষ হ'ব আৰু এইটো অফাৰৰ দ্বাৰা যে জিঅ'ৰ আৰু গ্ৰাহক বৃদ্ধি পাব সেয়া প্ৰায় নিশ্চিত।