জিঅ’ৰ বাম্পাৰ অফাৰ, বিনামূল্যে ৫ দিনৰ বাবে ইন্টাৰনেট সেৱা!

জিঅ’ৰ বাম্পাৰ অফাৰ, বিনামূল্যে ৫ দিনৰ বাবে ইন্টাৰনেট সেৱা!

author-image
asomiyapratidin
New Update
জিঅ’ৰ বাম্পাৰ অফাৰ, বিনামূল্যে ৫ দিনৰ বাবে ইন্টাৰনেট সেৱা!

ডিজিটেল ডেস্কঃ টেলিকম বজাৰখনত প্ৰৱেশ কৰাৰে পৰা জিঅ'ই গ্ৰাহক সকলক প্ৰদান কৰি আহিছে বিভিন্ন ধৰণৰ আকৰ্ষণীয় অফাৰ। এই অফাৰৰ বাবেই দিনক দিনে বৃদ্ধি পাইছে জিঅ'ৰ গ্ৰাহক। শেহতীয়াকৈ জিঅ'ই মুকলি কৰিছে আন এক অফাৰ। 'জিঅ' চেলিব্ৰেচন পেক' (JIO celebration pack) নামৰ এই অফাৰটোৰ জৰিয়তে ইন্টাৰনেট ব্যৱহাৰকাৰী সকল বিশেষভাৱে লাভৱান হ'ব।

এই অফাৰত জিঅ'ৰ গ্ৰাহক সকলে ৫ দিনৰ বাবে বিনামূল্যে লাভ কৰিব ১০ জিবি ডাটা। প্ৰতিদিনে ২ জি বিকৈ লাভ কৰা এই ডাটা গ্ৰাহকৰ ৰিচাৰ্জৰ ১.৫ জিবি ডাটাতকৈ সুকীয়াভাৱে লাভ কৰিব।

কিন্তু জিঅ'ৰ এই অফাৰটো ভাগ্যৱান গ্ৰাহকসকলেহে উপভোগ কৰিব পাৰিব। ইয়াৰ বাবে জিঅ'ৰ প্ৰতিজন গ্ৰাহকেই জিঅ' এপলৈ গৈ ফ্ৰী ডাটা ক্ৰেডিট আছেনে নাই চেক কৰিব লাগিব।

আপোনাৰ জিঅ' নাম্বাৰত এই অফাৰ আছেনে নাই চেক কৰিবলৈ কৰিব লাগিব-

১. প্ৰথমে আপোনাৰ ফোনত থাকিব লাগিব জিঅ' এপ (jio app)। ইয়াৰ পাছতে আপুনি যাব লাগিব জিঅ' এপৰ মেনুলৈ।

২. মেনুত আপুনি পাব 'মায় প্লেন' (MY PLAN) নামৰ এটা বুটাম। তাত ক্লিক কৰক।

৩. যদি আপোনাৰ নাম্বাৰত এই ছেলিব্ৰেচন পেক (JIO celebration pack) উপলদ্ধ আছে তেনেহলে আপুনি দেখা পাব বৈধতা সময়ৰ লগতে এই অফাৰ।

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বেও জিঅ'ই এই অফাৰটো মুকলি কৰিছিল যদিও মাজতে বন্ধ হৈছিল এই অফাৰ। এই অফাৰত ডাটাৰ বাহিৰে অন্য কোনো সুবিধা উপলদ্ধ নহয়।