এটা দুটা নহয়, জিঅ’ৰ ৪ টা নতুন ধামাকা অফাৰ…

এটা দুটা নহয়, জিঅ’ৰ ৪ টা নতুন ধামাকা অফাৰ…

author-image
asomiyapratidin
New Update
এটা দুটা নহয়, জিঅ’ৰ ৪ টা নতুন ধামাকা অফাৰ…

ডিজিটেল ডেস্কঃ দেশৰ টেলিকম ক্ষেত্ৰখনত যুগান্তকাৰী পৰিৰ্ৱতন সাধন কৰিবলৈ সক্ষম হোৱা জিঅ'ৰ উপভোক্তাৰ সংখ্যা দিনকদিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। জিঅ'ৰ বিভিন্ন সময়ত প্ৰদান কৰা অফাৰৰ সন্মুখত বিপাঙত পৰে দেশৰ অন্য টেলিকম প্ৰতিষ্ঠানসমূহ। শেহতীয়াকৈ জিঅ'ই গ্ৰাহকসকলৰ বাবে মুকলি কৰিছে ৪ টা বিশেষ অফাৰৰ পেকেজ।

১. ডাটা বুষ্টাৰ

ৰিলায়েন্স জিঅ'য়ে শেহতীয়াকৈ মুকলি কৰিছে ১১ টকাৰ এক বিশেষ পেকেজ। এই পেকেজটোৰ জৰিয়তে গ্ৰাহকে লাভ কৰিব ৪০০ এম বিৰ ৪জি ডাটা লগতে বহু কেইটা সুবিধা।

২. এম বি কম্বৌ

১৯ টকীয়া এই পেকেজটোৰ বৈধতা ১ দিনৰ বাবে। গ্ৰাহক সকলে এই পেকেজটো ক্ৰয় কৰিলে উপভোগ কৰিব পাৰিব ১৫০ এম বি ৪ জি ডাটা, আনলিমিটেড লোকেল আৰু এছ টি ডি কলৰ লগতে ২০ টা মেচেজ।

৩. ১৪৯ টকাৰ বিশেষ পেকেজ

১৪৯ টকাৰ এই পেকেজটো পূৰ্বতে লাভ কৰা সুবিধাৰ সৈতে কেইবাটাও নতুন সুবিধা সংযুক্ত কৰা হৈছে। ২৮ দিনৰ বৈধতা থকা এই পেকেজত প্ৰতিদিনে ১.৫ জিবি ৪জি ডাটা, আনলিমিটেড কল আৰু ১০০ মেচেজৰ সুবিধা।

৪. জিঅ' কম্বৌ অফাৰ

১৯৭ টকাৰ এই পেকেজৰ বৈধতা ২৮ দিনৰ বাবে। প্ৰতিদিনে লাভ কৰিব ২ জিবি ৪জি ডাটা। আন লিমিটেড কল আৰু ৩০০ মেচেজৰ সুবিধা থাকিব এই ১৯৭ টকাৰ পেকেজটোত।