/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/jio_1538816888.jpeg)
ডিজিটেল ডেস্কঃ ইটোৰ পাছত সিটো অফাৰেৰে জিঅ'য়ে দিনক দিনে গ্ৰাহক সকলক অধিক সন্তুষ্ট কৰা পৰলক্ষিত হৈছে। গণৰাজ্য দিৱসত কেইবাটাও অফাৰ প্ৰদান কৰাৰ পাছতে জিঅ'য়ে এইবাৰ গ্ৰাহকসকলৰ বাবে মুকলি কৰিছে আন এটা বাম্পাৰ অফাৰ। জিঅ'য়ে গ্ৰাহক সকলে প্ৰতিদিনে লাভ কৰিব অতিৰিক্ত ২ জিবি ডাটা। এই অফাৰত গ্ৰাহকসকলে মুঠ ১০ জিবি ডাটা ৫ দিনৰ বাবে লাভ কৰিব। অৰ্থাৎ সাধাৰণতে জিঅ'ৰ গ্ৰাহকে প্ৰতিদিনে লাভ কৰা ১.৫ জি বি ডাটাৰ পৰিৰ্ৱতে অফাৰৰ এই ৫ টা দিনত লাভ কৰিব ৩.৫ জি বি ডাটা।
- গ্ৰাহকে সকলে এই অফাৰ কেনেকৈ পাব-
জিঅ'ৰ এই অফাৰ গ্ৰাহকসকলৰ পোনপতীয়াভাৱে লাভ নকৰে। পৰ্যায়ক্ৰমে লাভ কৰিব পাৰিব এই অফাৰ। এই অফাৰ উপলদ্ধ হ'ব 'মাই জিঅ' এপ'ত। এই এপত গৈ গ্ৰাহকে 'মাই চেলিবেশ্যন পেক'ত চাব লাগিব। এই চেলিবেশ্যন পেক যদি কোনো গ্ৰাহকৰ নম্বৰত অহা নাই, তেন্তে সেই গ্ৰাহকজনে উপভোগ কৰিব নোৱাৰিব এই অফাৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us