কৃষক বন্ধৰ সৰ্বাত্মক প্ৰভাৱঃ দিল্লীত পুনৰ ইন্টাৰনেট সেৱা কৰ্তন…

কৃষক বন্ধৰ সৰ্বাত্মক প্ৰভাৱঃ দিল্লীত পুনৰ ইন্টাৰনেট সেৱা কৰ্তন…

author-image
asomiyapratidin
New Update
কৃষক বন্ধৰ সৰ্বাত্মক প্ৰভাৱঃ দিল্লীত পুনৰ ইন্টাৰনেট সেৱা কৰ্তন…

ডিজিটেল ডেস্কঃ দিল্লীৰ সিংঘু, গাজীপুৰ আৰু টিকৰী সীমাত পুনৰ কৰ্তন কৰা হৈছে ইন্টাৰনেট সেৱা। শনিবাৰে নিশা ১২ বজালৈ কৃষক সকলে কৰা চকা বন্ধৰ কাৰ্যসূচীৰ বাবেই কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে জাৰি কৰিছে এই নিৰ্দেশনা। খবৰ অনুসৰি কেন্দ্ৰৰ ৩খন কৃষি আইনৰ নাকাৰ কৰাৰ বাবে কৃষক সকলে কৰা প্ৰতিবাদৰ অংশ হিচাপে বৰ্তমানেও আন্দোলন অব্যাহত আছে দিল্লী সীমাত।

Advertisment

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এই তিনিওখন কৃষি আইনৰ বিৰোধিতা কৰা অঞ্চলত ৬ ফেব্ৰুৱাৰীৰ ১১.৫৯ বজালৈ কাষৰীয় ক্ষেত্ৰ সমূহত কৰ্তন কৰা হৈছে। গৃহ মন্ত্ৰালয়ৰ এজন বিষয়ববীয়াই জনোৱা অনুসৰি ২০১৭ চনৰ পৰা সাৰ্বজনীন সুৰক্ষাৰ বাবে এই বিষয়টো আইনৰ অধীন কৰা হৈছে যাতে জনস্বাৰ্থজনিত বিষয় সমূহ ব্যাঘাত নহয়।

আনহাতে শনিবাৰে কৃষকে দিয়া বন্ধৰ আহ্বান সমগ্ৰ দেশতে বাৰুকৈয়ে পৰিছে। দেশৰ জনসাধাৰণে স্বতঃস্ফুতভাৱে পালন কৰিছে এই বন্ধৰ কাৰ্যসূচী।