যদি বিচাৰিছে কম দামত ভাল স্মাৰ্টফোন, তেন্তে ল’ব পাৰে…

যদি বিচাৰিছে কম দামত ভাল স্মাৰ্টফোন, তেন্তে ল’ব পাৰে…

author-image
asomiyapratidin
New Update
যদি বিচাৰিছে কম দামত ভাল স্মাৰ্টফোন, তেন্তে ল’ব পাৰে…

ডিজিটেল ডেস্কঃ এতিয়া ডিজিটেল যুগ। আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৱেই আপোনাক দিব পাৰে দেশ-বিদেশৰ ভিন্ন খবৰ। আজিকালি অতি কম দামতে বহু স্মাটফোন বজাৰত উপলদ্ধ যদিও কিছু প্ৰতিষ্ঠানৰ ফোনৰ ওপৰত ভৰষা নাৰাখে গ্ৰাহকে। আনহাতে কম দামত এটা ভাল স্মাৰ্টফোন পোৱাটোও কঠিন। কিন্তু শেহতীয়াকৈ স্মাৰ্টফোন নিৰ্মাতা প্ৰতিষ্ঠান ইনফিনিক্সে অতি কমমূল্যতে বেছি সুবিধা থকা এটা স্মাটফোন বজাৰত মুকলি কৰিছে।

ইনফিনিক্সে নিৰ্মাণ কৰা 'স্মাট ৩ প্লাচ' নাম নামৰ এইফোনটোত আছে ৩ টা ৰিয়েৰ কেমেৰা। ২ আৰু ১৩ মেগা পিক্সেল কেমেৰাৰ লগতে কম পোহৰৰ ফটো তুলিবৰ বাবে আছে তৃতীয়টো কেমেৰা। আনহাতে ফোনটোত আছে ৮ মেগাপিক্সেল ফন্ট কেমেৰা।

৬.২১ ইঞ্চিৰ স্কীণৰ এই ফোনটোৰ ২ জিবি ৰেম আৰু ৩২ জিবি ইন্টাৰনেল ষ্ট'ৰেজ। ফোনটোৰ বেটেৰী ৩৫০০ এম এ এইচ। ইয়াৰ উপৰিও বহু কেইটা সুবিধা উপলদ্ধ এই ফোনটোৰ মূল্য ৬৯৯৯ টকা।