/asomiyapratidin/media/media_files/2025/05/27/8ZPr8896gwYPN0mgCxnR.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ খনন আৰু নিৰ্মাণ সামগ্ৰী (Mining and Construction Equipment - MCE) খণ্ডই ১৬ বিলিয়ন ডলাৰ মূল্যত উপনীত হৈছে। ২০৩০ চনৰ ভিতৰত বছৰি এই পৰিমাণ বছৰি ১৯ শতাংশ বৃদ্ধি হৈ ৪৫ বিলিয়ন ডলাৰত উপনীত হ’ব বুলি কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী (CII) আৰু Kearney-ৰ এক যুটীয়া প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
বিশ্বৰ শীৰ্ষ ছখন অৰ্থনীতিৰ ভিতৰত ভাৰতে খনন আৰু নিৰ্মাণ সামগ্ৰী বজাৰত আটাইতকৈ তীব্ৰ হাৰত বৃদ্ধি পাব লগীয়া দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই ক্ষেত্ৰত ভাৰতে আমেৰিকা, জাৰ্মানী আৰু জাপানকো অতিক্ৰম কৰিছে। প্ৰতিবেদন অনুসৰি বিগত ৫ বছৰত ভাৰতীয় খনন আৰু নিৰ্মাণ সামগ্ৰী খণ্ড বছৰি ১২ শতাংশ হাৰত বৃদ্ধি পাইছে।
স্মৰ্তব্য যে, বিশ্বজুৰি খনন আৰু নিৰ্মাণ খণ্ডৰ মুঠ মূল্য প্ৰায় ১৮ ট্রিলিয়ন ডলাৰ। যিয়ে বিশ্ব GDP লৈ ১৬ শতাংশ অৰিহণা আগবঢ়ায়। ভাৰতৰ জি ডি পিলৈ এই খণ্ডই ২২ শতাংশ অৱদান আগবঢ়াইছে। তাৰোপৰি ৭ কোটিৰো অধিক লোকক কাৰ্ম সংস্থাপন আগবঢ়াইছে।
প্ৰতিবেদন অনুসৰি এই খণ্ডত ভাৰতৰ অৱদান চীনৰ পাছতেই দ্বিতীয় স্থানত আছে। ২০৩০ চনৰ ভিতৰত এই খণ্ডৰ সম্ভাৱ্য বৃদ্ধিয়ে ভাৰতৰ অৰ্থনীতিত ১০০ বিলিয়ন ডলাৰৰো অধিক যোগান ধৰিব বুলি অনুমান কৰা হৈছে। এই বৃদ্ধিয়ে ২ কোটি নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰাৰ লগতে, উদ্যোগিক উন্নয়ন, কৰ আয় বৃদ্ধি আৰু ইয়াৰ সৈতে সম্পৰ্কিত খণ্ডসমূহতো কৰ্মসংস্থাপন বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
CII-Kearney ৰ প্ৰতিবেদনত Vision-2030 ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কেইবাটাও নীতিগত আৰু গঠনমূলক পৰামৰ্শ দিয়া হৈছে। ইয়াত অন্তর্ভুক্ত আছে এটা একক নোডেল সংস্থা গঠন কৰি শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰা, MCE খণ্ডৰ বাবে নিৰ্দিষ্ট PLI (Production Linked Incentive) আঁচনি প্ৰৱেশ কৰোৱা, আৰু মুক্ত ব্যৱসায় চুক্তিৰ জৰিয়তে (FTA) MCE ৰপ্তানি বঢ়োৱা।