ভাৰতৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ নীতিয়ে বিশ্বব্যাপী নিয়োগকাৰীৰ বাবে বৃহৎ বিনিয়োগৰ সুযোগ প্ৰদান কৰিছে: ডেলয়ট

বীমা মধ্যস্থতাকাৰী, পৰ্যটন নিৰ্মাণ, চিকিৎসালয় আৰু চিকিৎসা সঁজুলি আদি মূল খণ্ডকে ধৰি বেছিভাগ খণ্ডতে স্বয়ংক্ৰিয় পথৰ অধীনত ১০০% প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দি ভাৰতে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।

author-image
Asomiya Pratidin
New Update
ada

ডিজিটেল ডেস্কঃ  ভাৰতৰ উদাৰীকৃত প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই) নীতিয়ে ইয়াৰ বৃহৎ আৰু সম্প্ৰসাৰিত অৰ্থনীতিৰ সুবিধা ল’বলৈ বিচৰা বিশ্ব বিনিয়োগকাৰীসকলৰ বাবে স্থিতিশীলতা,পূৰ্বানুমান আৰু খণ্ড-অজ্ঞান বিনিয়োগৰ সুযোগ প্ৰদান কৰা বুলি দেওবাৰে ডেলয়ট ইণ্ডিয়াই প্ৰকাশ কৰে।

ইয়াৰ উপৰিও ডেলয়ট ইণ্ডিয়াই কয় যে, ফাৰ্মাচিউটিকেল, অ'টো আৰু পৰ্যটনৰ দৰে খণ্ডসমূহ কেৱল প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু নহয় বৰঞ্চ নিয়োগ, ৰপ্তানি আৰু উদ্ভাৱনৰ চালিকাশক্তি, ই ভাৰতৰ ক্ৰমবৰ্ধমান উন্নয়ণত ইন্ধন যোগাইছে।

বীমা, বীমা মধ্যস্থতাকাৰী, পৰ্যটন নিৰ্মাণ, চিকিৎসালয় আৰু চিকিৎসা সঁজুলি আদি মূল খণ্ডকে ধৰি বেছিভাগ খণ্ডতে স্বয়ংক্ৰিয় পথৰ অধীনত ১০০% প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দি ভাৰতে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।

বিদেশী বিনিয়োগকাৰী