ডিজিটেল ডেস্কঃ আই চি আৰ এ-ৰ এক প্ৰতিবেদন অনুসৰি, ২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধ (এপ্ৰিল-ছেপ্টেম্বৰ-২০২৪) ৰ তুলনাত তৃতীয় তিনিমাহ (অক্টোবৰ-ডিচেম্বৰ-২০২৪)ত ভাৰতৰ অৰ্থনীতি দ্ৰুত গতিত বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে।
প্ৰতিবেদনখনত কোৱা হৈছে যে, এই আশা বিভিন্ন ক্ষেত্ৰত অৰ্থনৈতিক সূচক আৰু শক্তিশালী কাৰ্যকলাপৰ স্তৰ উন্নত কৰাৰ ওপৰত আধাৰিত।প্ৰতিবেদনখনত লগতে কোৱা হৈছে নৱেম্বৰ-২০২৪ ৰ প্ৰাথমিক তথ্যই এক ইতিবাচক প্ৰৱণতা সূচাইছে।
এক অনুকূল প্ৰভাৱৰ বাবে বিদ্যুতৰ চাহিদাৰ বৃদ্ধি পাইছে, আনহাতে উৎসৱৰ বতৰৰ চাহিদাই বাহনৰ পঞ্জীয়ন বৃদ্ধি কৰিছে। আই চি আৰ এ-ৰ প্ৰতিবেদনখনত আশা কৰা হৈছে যে "এই প্ৰৱণতাবোৰে বিত্তীয় বৰ্ষৰটোৰ প্ৰথম ছমাহৰ তুলনাত তৃতীয় কোৱাৰ্টাৰত জি ডি পি বৃদ্ধি কৰিব। তাৰোপৰি মবিলিটি আৰু ট্ৰান্সপৰ্টেছন সম্পৰ্কীয় কেইবাটাও সূচকেও গুৰুত্বপূৰ্ণ উন্নতি দেখুৱাইছে।
২০২৪ চনৰ অক্টোবৰত বাহনৰ পঞ্জীয়ন বাৰ্ষিক ৩২.৪ শতাংশলৈ বৃদ্ধি পাইছে। তাৰ মাত্ৰ এমাহ পূৰ্বে অৰ্থাত ছেপ্টেম্বৰ মাহত এই সংখ্যা আছিল ৮.৭ শতাংশ। বাহনৰ পঞ্জীয়ন এনে বৃদ্ধিৰ মূলতে হৈছে দুচকীয়া আৰু যাত্ৰীবাহী বাহনৰ শক্তিশালী চাহিদা।
প্ৰতিবেদনখনত কোৱা হৈছে পেট্ৰল ব্যৱহাৰত ক্ষেত্ৰত ছেপ্টেম্বৰৰ ৩.০ শতাংশৰ তুলনাত অক্টোবৰত ৮.৭ শতাংশলৈ বৃদ্ধি পাইছে। ঘৰুৱা বিমানৰ যাত্ৰীৰ যাতায়তো ৬.৪ শতাংশৰ পৰা ৯.৬ শতাংশলৈ বৃদ্ধি হৈছে।
আনহাতে দুচকীয়া বাহনৰ উৎপাদন ১৩.৪ শতাংশ বৃদ্ধি পাইছে। ৰেলৰ সামগ্ৰী পৰিবহণ পূৰ্বে ০.৭ শতাংশ হ্ৰাস হৈছিল যদিও এই সময়ত ১.৫ শতাংশলৈ বৃদ্ধি পাইছে। ছেপ্টেম্বৰত ডিজেলৰ ব্যৱহাৰ ১.৯ শতাংশ হ্ৰাস হৈছিল যদিও এতিয়া পুনৰ ০.১ শতাংশ বৃদ্ধি হৈছে।
প্ৰতিবেদনত ইয়াৰোপৰি কৈছে যে দেশৰ অ-তৈলজাত ৰপ্তানিয়েও এক শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিছে। ২০২৪ ৰ অক্টোবৰত ২৫.৬ শতাংশ ৰপ্তানি বৃদ্ধি পাইছে। ছেপ্টেম্বৰত এনে সামগ্ৰী ৰপ্তানি হৈছিল ৬.৮ শতাংশ।
ৰপ্তানিত এনে উন্নত প্ৰদৰ্শনৰ মুখ্য ভূমিকা লৈছে ইলেক্ট্ৰনিক সামগ্ৰী, অভিযান্ত্ৰিক সামগ্ৰী, ৰাসায়নিক পদাৰ্থ, ৰেডিমেড পোছাক আদিয়ে। উল্লেখ্য যে, আই চি আৰ এ-ৰ ব্যৱসায়িক কাৰ্যকলাপ পৰ্যবেক্ষক যি অৰ্থনৈতিক কাৰ্যকলাপৰ এক যৌগিক সূচক, এই সূচকে অক্টোবৰ ২০২৪ ত বছৰি ১০.১ শতাংশ দেখুৱাইছে।
যোৱা ৮ মাঠৰ ভিতৰত এয়া সৰ্বাধিক। এনে ব্যৱসায়ীক প্ৰেক্ষাপটতে আগন্তক মাহবোৰত ভাৰতৰ জি ডি পি বৃদ্ধিৰ প্ৰত্যাশাক শক্তিশালী কৰিছে।