/asomiyapratidin/media/media_files/2025/01/30/0yr8uOpQZ7oqXDbqCM5Y.jpg)
ডিজিটেল ডেস্কঃ ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতি ৬-৬.৯ হাৰত বৃদ্ধি পাব। এই আশা ব্যক্ত কৰিছে দেশৰ উদ্যোগীসকলে। Grant Thornton ৰ প্ৰাক বাজেট সমীক্ষা অনুসৰি ২০২৫-২৬ বিত্তীয় বৰ্ষত ২২ শতাংশ অংশগ্ৰহণকাৰী আৰু উচ্চ বিকাশ (৭-৭.৯ শতাংশ)ৰ সম্ভাৱনা দেখা গৈছে।
বিকাশৰ প্ৰধান চালিকা শক্তি
Grant Thornton ৰ প্ৰাক বাজেট সমীক্ষাত উদ্যোদী সকলে আশা কৰিছে প্ৰযুক্তিগত উন্নয়ন আৰু সহজ ব্যৱসায় পৰিবেশ তৈয়াৰৰ বাবে কৰা সংস্কাৰেই ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ মূল চালিকা শক্তি হ’ব।
সমীক্ষাত কোৱা হৈছে, ২০২৫ চনৰ বাজেটত যদি এই খণ্ডসমূহৰ ওপৰত গুৰুত্ব দিয়া হয় তেন্তে এই বিকাশ আৰু ত্বৰাম্বিত কৰিব পৰা যাব বুলিও আশাবাদী উদ্যোগীসকল। তেওঁলোকৰ মতে এনে ব্যৱস্থাই অৰ্থনীতিত ভাৰাসাম্য আৰু দক্ষতা নিশ্চিত কৰিব।
বাজেট ২০২৫-২৬ৰ মূল প্ৰত্যাশা
অহা ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট উত্থাপন কৰিব। এই বাজেট এনে এক সময়ত আহিছে, যি সময়ত বিশ্বজুৰি অৰ্থনৈতিক অনিশ্চয়তা আৰু আভ্যন্তৰীণ বিকাশ মন্থৰ হৈ পৰিছে।
আই এম এফে ভাৰতৰ প্ৰকৃত জিডিপিৰ বিকাশ ২০২৪-২৫ চনত ৬.৫ শতাংশ থাকিব বুলি পূৰ্বানুমান কৰিছিল। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰসংঘই ২০২৫ চনৰ বাবে জিডিপিৰ বিকাশ ৬.৬ শতাংশ পূৰ্বানুমান কৰিছে।
সেইদৰে বিশ্ববেংক আৰু Mood’s এ ভাৰতৰ জিডিপি বিকাশ ক্ৰমে ৬.৫ শতাংশ আৰু ৭ শতাংশ হ’ব বুলি পূৰ্বানুমান কৰিছে।
উদ্যোগখণ্ডৰ দাবী আৰু প্ৰত্যাশা
Grant Thornton-ৰ সমীক্ষা অনুসৰি ৮৪ শতাংশ অংশগ্ৰহণকাৰীয়ে স্বাস্থ্য বিমাৰ ওপৰত জিএছটি হ্ৰাস কৰাৰ পক্ষত আছে। ৬৮ শতাংশ অংশগ্ৰহণকাৰীয়ে এছ এম ই ঋণ আৰু ডিজিটেল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ পক্ষত আছে। তাৰোপৰি ১৩ শতাংশ অংশগ্ৰহণকাৰীয়ে গৱেষণা আৰু উন্নয়নৰ বাবে নতুনকৈ কৈ প্ৰেৰণা বিচাৰিছে।
ইয়াৰ উপৰিও, ফিনটেক খণ্ডই ব্লকচেইন আৰু এ আইৰ বাবে সহজ মূলধন বিকাশ আৰু কৰ হ্ৰাসৰ দাবী কৰিছে। বেঙ্কিং, চিকিউৰিটি আৰু বীমা খণ্ডৰ মাজত একত্ৰিত নিয়ামক প্ৰণালীৰ বাবে আহ্বান জনাইছে। বিশেষজ্ঞসকলৰ মতে, এই বাজেটে দেশৰ ব্যৱসায়িক পৰিৱেশ উন্নত কৰাৰ লগতে বিনিয়োগ আকৰ্ষিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।