ডিজিটেল ডেস্কঃ ভাৰতৰ বৈদ্যুতিক দুই চকীয়া বাহনৰ বজাৰে এক নতুন ''মাইলষ্টন''ত উপনীত হ'বলৈ সক্ষম হৈছে। চলিত বছৰতে ১১ নৱেম্বৰৰ পৰ্যন্ত ভাৰতত মুঠ বৈদ্যুতিক দুই চকীয়া বাহন বিক্ৰীৰ সংখ্যাই এক মিলিয়নৰ সীমা অতিক্ৰম কৰিলে।
চলিত বছৰত ভাৰতত মুঠ বিক্ৰী হয় ১০,০০,৯৮৭ ইউনিট ইলেক্ট্ৰিক দুচকীয়া বাহন। ইলেক্ট্ৰিক দুচকায়ী বাহন ভাৰতীয় বজাৰত মুকলি কৰাৰ পৰা আৰম্ভ কৰি এই প্ৰথমবাৰৰ বাবে এটা কেলেণ্ডাৰ বৰ্ষত ১ মিলিয়নতকৈ অধিক বিক্ৰী হোৱাৰ অভিলেখ গঢ়িছে।
উল্লেখ্য যে, ভাৰতৰ বৈদ্যুতিক যানবাহনৰ বজাৰত দুচকীয়া বাহনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। দেশত মুঠ ইলেক্ট্ৰিক বাহন বিক্ৰীৰ ভিতৰত কেৱল দুচকীয়া বাহনেই বিক্ৰী হৈঠে ৫৯.৫৪ শতাংশ।
উল্লেখ্য যে, ২০২৪ সম্পূৰ্ণ হোৱালৈকে ভাৰতত মুঠ দুচকীয়া ইলেক্ট্ৰিক বাহন বিক্ৰীৰ পৰিমাণ পূৰ্বৰ বছৰৰ তুলনাত ৩৪ শতাংশ অধিক হ’ব বুলি ধাৰণা কৰা হৈছে। ২০২২ ৰ তুলনাত ২০২৩ ত মুঠ ৩৬ শতাংশ অধিক দুচকীয়া ইলেক্ট্ৰিক বাহন বিক্ৰী হৈছিল।
২০২১ চনৰ তুলনাত ২০২৪ ত ভাৰতীয় বজাৰত ইলেক্ট্ৰিক দুচকীয়া বাহনৰ বিক্ৰী বৃদ্ধি হৈছে ৫৪০ শতাংশ। ভাৰতৰ ইলেক্ট্ৰিক দুচকীয়া বাহনৰ বজাৰত শীৰ্ষ স্থানত আছে ওলা ইলেক্ট্ৰিক।
চলিত বছৰত এই প্ৰতিষ্ঠানটোৱে মুঠ ৩৭৬,৫৫০ ইউনিট বাহন বিক্ৰী কৰিছে, যি মুঠ বজাৰৰ ৩৭ শতাংশ। তাৰ পাছতেই আছে টি ভি এছ মটৰ কোম্পানী। এই কোম্পানীটোৱে বিক্ৰী কৰিছে ১৮৭,৩০১ ইউনিট। এয়া মুঠ বজাৰৰ ১৯ শতাংশ।
ইয়াৰ পাছতে আছে ক্ৰমে বাজাজ আৰু অথাৰ এনাৰ্জী। বাজাজ অটোৱে মুঠ ১৫৭,৫২৮ ইউনিট বাহন বিক্ৰী কৰিছে যি মুঠ বজাৰৰ ১৬ শতাংশ আৰু অথাৰ এনাৰ্জীয়ে ১,০৭,৩৫০ ইউনিট অৰ্থাৎ মুঠ বজাৰৰ ১০.৭২ শতাংশ দখল কৰিছে।
এক প্ৰতিবেদন অনুসৰি ভাৰতত সৰ্বাধিক মহাৰাষ্ট্ৰতে ইলেক্ট্ৰিক দুচকীয়া বাহন বিক্ৰী হৈছে। কেৱল মহাৰাষ্ট্ৰতে বিক্ৰী হৈছে ১৮২,০৩৫ ইউনিট। ই মুঠ বজাৰৰ ১৮ শতাংশ দখল কৰিছে।
উল্লেখ্য যে, ভাৰতীয় যানবাহনৰ বজাৰত ইলেক্ট্ৰিক বাহনৰ ভিতৰত তিনি চকাৰ বিক্ৰী ৩৪.৯৬ শতাংষ আৰু বৈদ্যুতিক যাত্ৰীবাহী বাহনৰ বিক্ৰী ৪.৯৪ শতাংশ।