আমেৰিকাৰ শুল্ক নীতি, পাকিস্তানৰে সংঘাতৰ পিছতো স্থিতিশীল ভাৰতীয় অৰ্থনীতি

মুডি'জ ৰেটিংছে এক প্ৰতিবেদনত কয়, আমেৰিকান শুল্ক আৰু পাকিস্তানৰ সৈতে উত্তেজনাৰ সম্ভাব্য প্ৰভাৱৰ সন্মুখীন হ’লেও ভাৰতৰ অৰ্থনীতি উল্লেখযোগ্যভাৱে স্থিতিশীল অৱস্থাত আছে।

author-image
Tushar Pratim
New Update
আমেৰিকাৰ শুল্ক নীতি, পাকিস্তানৰে সংঘাতৰ পিছতো স্থিতিশীল ভাৰতীয় অৰ্থনীতি

ডিজিটেল ডেস্কঃ যোৱা ১৯ মে’ ত প্ৰকাশিত এখন প্ৰতিবেদনত মুডি'জ ৰেটিংছে কৈছে যে, সম্ভাৱ্য আমেৰিকান শুল্ক (tariffs) আৰু পাকিস্তানৰ সৈতে উত্তেজনাৰ সম্ভাব্য প্ৰভাৱৰ সন্মুখীন হ’লেও ভাৰতৰ অৰ্থনীতি উল্লেখযোগ্যভাৱে স্থিতিশীল অৱস্থাত আছে।

Advertisment

মুডি'জে কয়, ভাৰতৰ অভ্যন্তৰীণ দৃঢ় বৃদ্ধিৰ গতি, বৃহৎ ঘৰুৱা বজাৰ আৰু সামগ্ৰী ভিত্তিক বাণিজ্যত কম নিৰ্ভৰতাই দেশখনক বিশ্ব বাণিজ্যৰ ব্যাঘাতৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম কৰি তুলিছে।

বিশ্ব বাণিজ্য শুল্ক বাঢ়িলেও ভাৰতৰ ওপৰত ইয়াৰ প্ৰভাৱ তুলনামূলকভাবে কম হ’ব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। আমেৰিকাৰ শুল্ক নীতিৰ ফলত বিশ্বৰ অৰ্থনৈতিক বৃদ্ধি মন্থৰ হ’ব পাৰে, যাৰ পৰোক্ষ প্ৰভাৱ ভাৰতত অৱশ্যে পৰিব। কিন্তু মুডি'জৰ প্ৰতিবেদনত এই আশ্বাস দিয়া হৈছে যে ভাৰত বহু উদীয়মান বজাৰৰ তুলনাত অধিক সুৰক্ষিত।

মুডি'জে লগতে কয় যে, ভাৰতৰ সামগ্ৰী ৰপ্তানিৰ জিডিপিত কম অৱদান থাকিলেও যাক সাধাৰণতে দুর্বলতা বুলি ধৰা হয় তৎস্বত্বেও এই ক্ষেত্ৰত ভাৰতৰ বাবে সহায়কহে হ’ব পাৰে। কাৰণ এই ক্ষেত্ৰত শুল্কৰ প্ৰভাৱ সীমিত হ’ব।

সেৱা খণ্ডৰ ৰপ্তানি আগন্তুক দিনতো দৃঢ় গতিত বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে মুডি'জে। কাৰণ এই খণ্ডটো বৈশ্বিক বাণিজ্য শুল্কৰ অধীনত নহয়। পাকিস্তানৰ সৈতে উত্তেজনাৰ ক্ষেত্ৰত মুডি'জে কয়, স্থানীয়ভাৱে উত্তেজনা বৃদ্ধি পালো ভাৰতৰ অৰ্থনীতিত উল্লেখযোগ্য প্ৰভাৱ পৰিব নোৱাৰে। কিয়নো ভাৰতৰ পাকিস্তানৰ সৈতে বাণিজ্যিক সম্পৰ্ক সীমিত। সেয়া হ’লেও সুৰক্ষা খৰচ বৃদ্ধি পালে ভাৰতৰ ৰাজকোষৰ স্থিৰতা আৰু অৰ্থনৈতিক সংগ্ৰহক মন্থৰ কৰিব পাৰে।

ভাৰতীয় অৰ্থনীতি আমেৰিকা বাণিজ্য মন্ত্ৰণালয়