/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-16/v38gtgrj/AP-FOR-WEB-economy.jpg)
স্থবিৰতা আহিলেও অব্যাহত থাকিব ভাৰতৰ অৰ্থনৈতিক বিকাশ...
ডিজিটেল ডেস্কঃ ভাৰতৰ অষ্টাদশ লোকসভা নিৰ্বাচনী ব্যস্ততাৰ বাবে ভাৰতৰ অৰ্থনৈতিক বিকাশ হাৰ কিছু হ্ৰাস হৈছে। অৱশ্যে এই নিৰ্বাচন অন্ত পৰাত আৰু চৰকাৰী যন্ত্ৰৰ অৰ্থনৈতিক কাম-কাজ পুনৰ আৰম্ভ হোৱাত সেই বিকাশৰ স্থবিৰতা আঁতৰিছে আৰু অৰ্থনৈতিক বিকাশৰ গতি উৰ্ধ্বমুখী হৈছে। ২০২৪-২৫ অৰ্থনৈতিক বৰ্ষৰ আৰম্ভণিৰ সময়তে দেশত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে চৰকাৰী ব্যয় যথেষ্ট হ্ৰাস পাইছিল। সেয়ে অৰ্থনৈতিক বিকাশত কিছু স্থবিৰতা আহে।
'অৰগেনাইজেচন অফ দ্য পেট্ৰ’লিয়াম এক্সপ’ৰ্টিং কাণ্ট্ৰিছ' চমুকৈ OPEC য়ে অক্টোবৰৰ শেহতীয়া এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ভাৰতীয় অৰ্থনীতিৰ বিকাশত সামান্য হ্ৰাস হৈছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম কোৱাৰ্টাৰত এই বিকাশৰ হাৰ ৭.৮ শতাংশ আছিল যদিও দ্বিতীয় কোৱাৰ্টাৰত ৬.৭ শতাংশলৈ অৱনমিত হৈছে। ইয়াৰ মূলতে হৈছে নিৰ্বাচনৰ সময়ত চৰকাৰী ব্যয় হ্ৰাস।
অৱশ্যে এই সময়ত সেৱা খণ্ডৰ কিছু বিকাশ হৈছে। ২০২১ চনৰ পৰা ভাৰতীয় অৰ্থনীতিলৈ সৰ্বাধিক ৫৪ শতাংশ অৱদান আগবঢ়োৱা দেশৰ সেৱা খণ্ডত এইবাৰ দ্বিতীয় কোৱাৰ্টাৰৰ বিকাশ ৭.৮ শতাংশ হৈছে। প্ৰথম কোৱাৰ্টাৰত এই বিকাশৰ হাৰ আছিল ৬.৭ শতাংশ। সেইদৰে নিবনুৱাৰ হাৰ আগষ্টৰ ৮.৫ শতাংশৰ পৰা ছেপ্টেম্বৰত ৭.৮ শতাংশলৈ অৱনমিত হৈছে।
চৰকাৰী সমৰ্থন আৰু ব্যয়ৰ লগতে উপভোক্তা ব্যয়ত যোগাত্মক প্ৰৱণতাৰ বাবে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ শেষলৈকে ভাৰতৰ অৰ্থনৈতিক বিকাশ ৬.৮ শতাংশ হ’ব বুলি আশা কৰা হৈছে। প্ৰথম দুটা কোৱাৰ্টাৰৰ বিপৰীতে তৃতীয় আৰু চতুৰ্থ কোৱাৰ্টাৰত ভাৰতৰ আৰ্থিক বিকাশে ত্বৰাম্বিত হোৱাৰ সম্ভাৱনাই অধিক। কিয়নো লোকসভা নিৰ্বাচনী ব্যস্তা ইতিমধ্যে শেষ হোৱাৰ লগতে অন্যান্য ৰাজ্যৰ বিধানসভা, উপ-নিৰ্বাচনসমূহো এই সময়ছোৱাত অন্ত পৰিব। এই সময়ত কেন্দ্ৰীয় চৰকাৰে চৰকাৰী ব্যয় পুনৰ আৰম্ভ কৰিছে। সেয়ে দেশৰ আৰ্থিক বৃদ্ধি আশা কৰা হৈছে।
Also Read: জাৰি হ'ল নিৰ্বাচনী অধিসূচনা...