ডিজিটেল ডেস্কঃ বিশ্বৰ আগশাৰীৰ বেংকিং প্ৰতিষ্ঠান জেপি মৰ্গানৰ মতে বৰ্ধিত মূলধন ব্যয়ৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা খণ্ড আগন্তুক বছৰবোৰত গুৰুত্বপূৰ্ণ আৰু বিকাশৰ পথত আছে। এই বিকাশৰ মুখ্য কাৰকবোৰৰ ভিতৰত আছে বৰ্ধিত প্ৰতিৰক্ষা ৰপ্তানি, বৰ্ধিত ঘৰুৱা উৎপাদন, মূলধনৰ ওপৰত অধিক লাভ (আৰ.অ’.চি.ই.), আৰু শক্তিশালী নগদ প্ৰবাহ।
যোৱা দশকত, ভাৰত চৰকাৰে ঘৰুৱা প্ৰতিৰক্ষা উৎপাদন বৃদ্ধিৰ বাবে নীতি প্ৰস্তুত কৰাৰ লগতে এই খণ্ডলৈ মৌলিক পৰিৱৰ্তন আনি বিকাশ ত্বৰান্বিত কৰিছে।জে পি মৰ্গানৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ প্ৰতিৰক্ষা খণ্ড এতিয়াও দীৰ্ঘম্যাদী বিকাশৰ প্ৰাৰম্ভিক পৰ্যায়ত আছে।
প্ৰতিবেদনখনত কোৱা হৈছে "ষ্টকৰ মূল্য বৃদ্ধি পাইছে, কিন্তু আমি ভাবো শেহতীয়া বজাৰ সংশোধনে আগশাৰীৰ কোম্পানীবোৰৰ বাবে এক আকৰ্ষণীয় প্ৰৱেশ পইণ্ট প্ৰদান কৰিছে।" বিশ্বজুৰি ৰাজনৈতিক কাৰক আৰু পূৰ্বতকৈ কম প্ৰতিৰক্ষা ব্যয়ৰ বাবে খণ্ডটোত মূলধন ব্যয় বৃদ্ধি পাইছে।
পূৰ্বতকৈ প্ৰতিৰক্ষা খণ্ডত বাজেট বৃদ্ধি হ্ৰাস পাইছে কিয়নো অন্যান্য ৰাজহুৱা খণ্ডত ব্যয়ক প্ৰাথমিকতা দিয়া হৈছে। তাৰোপৰি প্ৰতিৰক্ষা সঁজুলিৰ আমদানি হৈছে মুখ্য পছন্দ।
ভাৰতৰ প্ৰতিৰক্ষা বাজেট অহা পাঁচ বছৰত ১৫০ বিলিয়ন ডলাৰলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যাৰ ফলত প্ৰতিৰক্ষা খণ্ডত ৰাজহ বৃদ্ধি বছৰত ১২ ৰ পৰা ১৫ শতাংশ পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
চৰকাৰে ঘৰুৱা প্ৰতিৰক্ষা সঁজুলিৰ ডিজাইন, বিকাশ আৰু উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰাৰ বাবে কেইবাটাও নীতি সংস্কাৰ কাৰ্যকৰী কৰিছে।
ভাৰতে প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডত যথষ্ট বিনিয়োগ কৰিছে। কেইবাটাও প্ৰতিৰক্ষা কেন্দ্ৰ স্থাপন কৰিছে। ইয়াৰ উপৰিও, বহুতো গোলকীয় প্ৰতিষ্ঠানে ইতিমধ্যে তেওঁলোকৰ গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা আৰু মহাকাশ সম্পৰ্কীয় দক্ষতা ভাৰতৰ সৈতে ভাগ-বতৰা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।
ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিয়ে ২০২৩-২৪ বিত্তীয় বৰ্ষত এক নতুন অভিলেখ গঢ়িছে। এই সময়ত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ২১,০৮৩ কোটি টকা (প্ৰায় ২.৬৩ বিলিয়ন ডলাৰ)ত উপনিত হৈছে। যি আগৰ বছৰৰ তুলনাত ৩২.৫ শতাংশ বৃদ্ধি পাইছে। প্ৰতিৰক্ষা ৰপ্তানি যোৱা দশকৰ তুলনাত ৩১ গুণ বৃদ্ধি পাইছে।২০১৩-১৪ বৰ্ষত এই পৰিমাণ আছিল মাত্ৰ ৬৭৮ কোটি টকা।
ইয়াৰোপৰি যোৱা বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ প্ৰতিৰক্ষা উৎপাদনৰ মান ১৭ শতাংশ বৃদ্ধি হৈ ১,২৬,৮৮৭ কোটি টকা হৈছে। এনে পৰিস্থিতিত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ ভৱিষ্যত অতি উজ্জ্বল আৰু এই খণ্ডত অধিক উন্নতি আৰু বিনিয়োগৰ সম্ভাৱা আছে বুলিও প্ৰতিষ্ঠানটোৰ প্ৰতিবেদনত প্ৰকাশ।