ডিজিটেল ডেস্কঃ HSBC ৰ নৱেম্বৰৰ জৰীপ অনুসৰি, ভাৰতৰ ব্যৱসায়িক কাৰ্যকলাপ নৱেম্বৰত তিনি মাহৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে। ইয়াৰ মূলতে হৈছে সেৱা খণ্ডত শক্তিশালী বিকাশ আৰু চাকৰি সৃষ্টিৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে।
HSBC ৰ মুখ্য ভাৰতীয় অৰ্থনীতিবিদ প্ৰাঞ্জুল ভাণ্ডাৰীয়ে এই সন্দৰ্ভত কয়, "সেৱা খণ্ডৰ বিকাশ বৃদ্ধি পাইছে আৰু উৎপাদন খণ্ডও আশাতকৈ ভাল প্ৰদৰ্শন কৰিছে। যদিও অক্টোবৰৰ সৰ্বোচ্চ PMI সূচকৰ তুলনাত ইয়াৰ বিকাশ সামান্য হ্ৰাস পাইছে।"
HSBC-ৰ ফ্লেছ ইণ্ডিয়া কম্পোজিট ক্ৰয় ব্যৱস্থাপকসূচক(PMI)নৱেম্বৰত ৫৯.৫ ত উপনীত হৈছে। অক্টোবৰত এই সংখ্যা আছিল ৫৯.১। এইদৰে দুয়োটা মাহতে PMI ৫০ ৰো অধিক হোৱা কাৰ্যই অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধিৰ ইংগিত দিয়ে।
সেৱা খণ্ডৰ PMI ৫৯.২ ত উপনীত হৈছে। যোৱা আগষ্ট মাহৰ পাছত এয়াই হৈছে সৰ্বাধিক মূল্য। উৎপাদন খণ্ডতো বিকাশ হৈছে যদিও ইয়াৰ গতি সামান্য হ্ৰাস হৈ ৫৭.৩ হৈছে।
নৱেম্বৰ মাহত ভাৰতৰ ৰপ্তানিৰ চাহিদা বৃদ্ধি পাইছে। বিশেষকৈ সেৱা খণ্ডই দেশৰ ব্যৱসায়িক দৃশ্যপট উন্নত কৰিছে। এই খণ্ডই আগন্তুক বছৰৰ বাবে অধিক প্ৰত্যাশাৰ সৃষ্টি কৰিছে।
তাৰোপৰি নিয়োগ সৃষ্টিৰ হাৰো সৰ্বোচ্চ স্তৰত উপনীত হৈছে। ই দেশৰ অৰ্থনৈতিক শক্তি আৰু উপভোক্তা ব্যয় ক্ষমতাৰ বিষয়ে ইতিবাচক লক্ষণ সূচাইছে।
অৱশ্যে, মুদ্ৰাস্ফীতিৰ চাপ কিছু চিন্তাৰ কাৰণ হৈ পৰিছে। বিশেষকৈ কেঁচা মালৰ ব্যয় আৰু সেৱা খণ্ডৰ মজুৰিৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ বৃদ্ধি পাইছে।
ইয়াৰ উপৰিও, ভাৰতৰ ৰপ্তানিৰ সম্ভাৱনাও বৃদ্ধি পাইছে। বিশেষকৈ তৈল শোধন খণ্ডত। বৰ্তমান ভাৰতে বিশ্বৰ তৈল বজাৰৰ ১৩ শতাংশ দখল কৰি আছে।