/asomiyapratidin/media/media_files/2024/11/19/u7nnkhpPhCmlwB4hkbeo.jpg)
ডিজিটেল ডেস্কঃ ১৯ নৱেম্বৰত শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীসকলে শক্তিশালী পুনৰুদ্ধাৰ দেখিবলৈ সক্ষম হৈছে। ছেনছেক্স আৰু নিফটি পুৱাৰে পৰা উৰ্ধ্বমুখী হৈছে। বজাৰৰ এই উত্থান মূলতঃ নিম্ন স্তৰৰ মূল্য ক্ৰয়ৰ মাধ্যমত আৰু বুল-চিপ শ্বেয়াৰসমূহত বিনিয়োগৰ ফলত সম্ভৱ হৈছে।
নিফটি পি এছ ই সূচক, যি ভাৰতৰ ২০ টা ৰাষ্ট্ৰীয় মালিকানাধীন কোম্পানীৰ সূচক ২.১১ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ সকলো শ্বেয়াৰেই সেউজীয়া ৰঙত ব্যৱসায় কৰি আছে। স্থানীয় প্ৰতিষ্ঠানগত বিনিয়োগকাৰীসকলৰ দ্বাৰ ক্ৰয়ৰ বজাৰখনো পুনৰুদ্ধাৰ কৰাত সহায়ক হৈছে।
মঙ্গলবাৰে শ্বেয়াৰ বজাৰৰ বিপৰীতকৰণৰ কিছু মূখ্য কাৰণৰ ভিতৰত হৈছে বজাৰত অত্যাধিক বিক্ৰী হোৱা পৰিস্থিতি, এফ আই আৰ বিক্ৰী কম আৰু জি আই আই ক্ৰয় উচ্চ, এছিয়াৰ শ্বেয়াৰ বজাৰ বৃদ্ধি আৰু ডলাৰৰ দুৰ্বলতা।
উল্লেখ্য যে, নিফটিৰ আপেক্ষিক শক্তি সূচক (আৰ এছ আই) যোৱা দুটা ছেচনত ৩০ ৰ তললৈ নামি গৈছিল। যি অত্যাধিক বিক্ৰী হোৱাৰ সংকেত দিছে। এক্সিছ চিকিউৰিটিজৰ গৱেষণাৰ মুৰব্বী অক্ষয় ছিনছালেকৰ মতে এনে ধৰণৰ হ্ৰাস আৰু অত্যাধিক বিক্ৰী পৰিস্থিতিৰ ফলত সাধাৰণতে বজাৰত ছৰ্ট ট্ৰাম ৰিবাউণ্ড হয়।
আনহাতে বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলে (এফ আই আই) সোমবাৰে ১,৪০৩.৪০ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰিছে। আনহাতে ঘৰুৱা প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলে (ডি আই আই) ২,৩৩০.৫৬ কোটি টকাৰ শ্বেয়াৰ ক্ৰয় কৰিছে। এয়া একপ্ৰকাৰৰ বিৰল ঘটনা।
এছিয়াৰ শ্বেয়াৰ বজাৰো মঙ্গলবাৰে যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে আমেৰিকাৰ বণ্ড উইল্ডছ আৰু ডলাৰ সামান্য দুৰ্বল হৈছে। বজাৰৰ এনে পুনৰুদ্ধাৰৰ মাজতে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, আদানি পোৰ্টছ, টাটা মটৰ্ছ, ইনফোছিচ, টাটা কনছালটেন্সি ছাৰ্ভিছেচ, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে যথেষ্ট লাভ অৰ্জন কৰিছে। আনহাতে বাজাজ ফিনছাৰ্ভ আৰু কোটক মহিন্দ্ৰা বেংক কিছু পিছপৰি আছে।