/asomiyapratidin/media/media_files/2025/04/04/zIGDsIx2szMU4fBVybto.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নতুন শুল্ক নীতি ঘোষণা কৰাৰ পিছত ভাৰতীয় শ্বেয়াৰ বজাৰতো ইয়াৰ প্ৰভাৱ পৰিছে। ৪ এপ্ৰিল, ২০২৫ শুকুৰবাৰে ৰঙা চিহ্নৰে বজাৰ মুকলি হৈছে। ছেঞ্চেক্স আৰু নিফটি ক্ৰমাগতভাৱে হ্ৰাস হৈছে। বিশ্ব বজাৰত সৃষ্টি হোৱা উদ্বেগ আৰু অস্থিৰতাৰ বাবে ভাৰতীয় বিনিয়োগকাৰীকো প্ৰভাৱিত কৰিছে।
বজাৰ আৰম্ভ হোৱাৰ সময়তে ছেঞ্চক্স ১৩৫.২৭ পইণ্ট (০.১৮) শতাংশ হ্ৰাস পাই ৭৬,১৬০.০৯ পইণ্টত উপনীত হয়। একে সময়তে নিফটি ৫৯.৭০ পইণ্ট (০.২৬ শতাংশ) হ্ৰাস হৈ ২৩,১৯০.৪০ পইণ্টত উপনীত হৈছে। সময় আগবঢ়াৰ লগে লগে ছেঞ্চক্স আৰু নিফটিৰ পতন দ্ৰুত হৈ পৰিছে।
পুৱা ৯:২১ বজালৈকে তথ্য অনুসৰি ছেঞ্চক্স ৫৬২.৯০ পইণ্ট হ্ৰাস হৈ ৭৫,৭৩২.৪৬ পইণ্টত উপনীত হৈছে। নিফটিও ২০৩.৪৫ পইণ্ট হ্ৰাস হৈ ২৩,০৪৬.৬৫ পইণ্টত উপনীত হৈছে। বিশেষজ্ঞসকলে স্পষ্ট কৰিছে, আমেৰিকাৰ নতুন শুল্ক নীতি কাৰ্যকৰী হোৱাৰ ফলত বিশ্ব বজাৰত সৃষ্টি হোৱা অস্থিৰতাৰ বাবেই এই হ্ৰাস দেখা গৈছে।
ট্ৰাম্পে ঘোষণা কৰিছে আমেৰিকাই সকলো আমদানিৰ ওপৰত কমেও ১০ শতাংশ শুল্ক আৰোপ কৰিব। বিশেষকৈ চীন, ভিয়েটনাম, ইণ্ডোনেছিয়া আৰু ইউৰোপীয় সংঘৰ সামগ্ৰীৰ ওপৰত এই হাৰ ২৫ শতাংশ পৰ্যন্ত হ’ব। চীনৰ ওপৰত মুঠ ৫৪ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰা হৈছে। আনহাতে ভিয়েটনামৰ ওপৰত ৪৬ শতাংশ, কম্বোডিয়াৰ ওপৰত ৪৯ শতাংশ আৰু ইণ্ডোনেছিয়াৰ ওপৰত ৩২ শতাংশ শুল্ক আৰোপ কৰা হৈছে।
ট্ৰাম্পৰ এই সিদ্ধান্তই আমেৰিকাৰ বজাৰতো প্ৰভাৱ পেলাইছে। আমেৰিকাৰ শ্বেয়াৰ মাৰ্কেটৰ ডাউ জ’নছ ১৭০০ পইণ্ট হ্ৰাস পাই কাৰেকচন জ’নত উপনীত হৈছে। এছ এণ্ড পি-৫০০ প্ৰায় ৫ শতাংশ আৰু নাছডাক প্ৰায় ৬ শতাংশ হ্ৰাস হৈছে।
আমেৰিকাৰ লগতে জাপান, ইউৰোপ আৰু অন্যান্য বিশ্ব বজাৰতো শ্বেয়াৰ বজাৰত পতন অব্যাহত আছে। টকিঅ’ৰ নিকেই ৪ শতাংশতকৈ অধিক হ্ৰাস পোৱাৰ বিপৰীতে পেৰিছ আৰু ফ্ৰেংকফৰ্টত ৩ শতাংশতকৈ অধিক হ্ৰাস পাইছে।
ভাৰতীয় বজাৰতো এনে প্ৰভাৱ স্পষ্ট। বৃহস্পতিবাৰে বি এছ ই ছেঞ্চক্সৰ মূল্য ৩২২.০৮ পইণ্ট অৰ্থাত ০.৪২ শতাংশ হ্ৰাস পাই ৭৬,২৯৫.৩৬ত বজাৰ বন্ধ হয়। ব্যৱসায় চলি থকাৰ সময়ত ই ৮০৯.৮৯ পইণ্টলৈ হ্ৰাস পাইছিল। কিন্তু ফাৰ্মা খণ্ডত হোৱা উত্থানৰ বাবে পৰৱৰ্তী সময়ত বজাৰত কিছু উত্থান হয় নিয়ন্ত্ৰণলৈ আহে। সেইদৰে নিফটি ২৩,২৫০.১০ত বন্ধ হৈ ৮২.২৫ পইণ্ট অৰ্থাত ০.৩৫% হ্ৰাস হৈ বজাৰ বন্ধ হয়।